গাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ

একে সময়তে ৭ লাখ ৫১ হাজাৰ গাড়ী ঘূৰাই নিছে টয়োটাই। এই ঘটনা সংঘটিত হৈছে আমেৰিকাত। বাতৰি অনুসৰি, গাড়ীৰ সন্মুখৰ বাম্পাৰ কভাৰ ধৰি ৰখা ‘টেব’ত সমস্যা আছে। সেই সমস্যা সমাধানৰ বাবে টয়োটাই গাড়ীবোৰ পুনৰ  ঘুৰাই নিছে। জানিব পৰা মতে, কোম্পানীটোৱে বৃহৎ এছ ইউ ভি গাড়ীৰ ‘হাইলেণ্ডাৰ’ মডেলসমূহ ঘুৰাই নিছে।

টয়োটাই জনায় যে এই সমস্যা কেৱল ২০২০ৰ পৰা ২০২৩ মডেলতহে দেখা গৈছে। সেয়ে, টয়োটাই এই চাৰি বছৰত বজাৰত যিমানবোৰ হাইলেণ্ডাৰ গাড়ী এৰিছে সিমানবোৰ গাড়ী ঘূৰাই লৈছে।

মন কৰিবলগীয়া যে এই সময়ছোৱাত টয়োটাই হাইলেণ্ডাৰৰ হাইব্ৰীড মডেল আৰম্ভ কৰিছিল। ই ইন্ধন তেল আৰু বিদ্যুৎ দুয়োটাৰে চলিব পাৰে। সেই হাইব্ৰীড মডেলৰ বাম্পাৰতে সমস্যা দেখা দিছে। সেয়ে, টয়োটাই সেইবোৰ ঘূৰাই নিব বুলি জানিবলৈ দিছে।

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি টয়োটাই কয়, ‘হাইলেণ্ডাৰ এছ ইউ ভি বাহনসমূহৰ সন্মুখৰ তলৰ বাম্পাৰ কভাৰটো বাহনখনৰ লগত টেবৰে সংলগ্ন কৰা আছে। দেখা গৈছে যে এই তলৰ বাম্পাৰ কভাৰটোত সামান্য খুন্দা খালে টেবটো খুলি যোৱাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ ফলত বাম্পাৰটো বাহনৰ পৰা পৃথক হৈ পৰিলে বিপদৰ সৃষ্টি হ’ব পাৰে।’

আনহাতে, কোম্পানীটোৱে জনোৱা মতে সকলো গাড়ী টয়োটাৰ ডিলাৰৰ দ্বাৰা পৰীক্ষা কৰা হ’ব। যদি তেওঁলোকে বাম্পাৰটোৰ কোনো ক্ষতি হোৱা নাই বুলি গম পায় তেন্তে গাড়ীখনত নতুন টেব এটা লগাব। যদি বাম্পাৰটো ক্ষতিগ্ৰস্ত হোৱা দেখা যায়, তেন্তে বাম্পাৰটো সলনি কৰা হ’ব আৰু সেই গাড়ীখনৰ টেবটোও সলনি হ’ব৷

লগতে পঢ়কঃ হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ দাম; অসহায় ৰান্ধনি, মধ্যবিত্তৰ মূৰত হাত!

ইপিনে, টয়োটাই কয় যে কাৰোবাৰ গাড়ীৰ ক্ষতি হৈছে নে নাই সেই কথা ডিচেম্বৰ মাহত কোম্পানীয়ে মালিকসকলক অৱগত কৰিব। সেই সময়ত বাহনৰ মালিকসকলে nhtsa.gov/recalls ত গৈ নিজেই চাব পাৰে তেওঁলোকৰ টয়োটা হাইলেণ্ডাৰখন ক্ষতিগ্ৰস্ত হৈছিল নেকি। তাৰ বাবে কেৱল বাহনৰ আইডি নম্বৰ বা নম্বৰ প্লেটৰ ৰেজিষ্ট্ৰেশ্যন দিলেই হব। তেতিয়া গাড়ীৰ লগত জড়িত সকলো তথ্য কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত ওলাই পৰিব।