NORTHEAST NOW (Assamese)

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

January 27, 2021 1:16 pm · এন ই নাও নিউজ

মঙলবাৰে যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়।

এই নাও দুৰ্ঘটনাৰ ফলত বৰ্তমানলৈ এগৰাকী শিশুৰ মৃত্যু হৈছে।

যোৰহাট জিলাৰ বাঘমৰালৈ বনভোজ খাবলৈ নাৱেৰে গৈ থকা অৱস্থাতে যাত্ৰীবাহী নাওখন ব্ৰহ্মপুত্ৰৰ সোঁতত দুৰ্ঘটনাগ্ৰস্ত হয়।

নাও দুৰ্ঘটনাৰ ফলত চাৰিগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে।

স্থানীয় লোকে দুৰ্ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

উদ্ধাৰকাৰী দলটোৱে ব্ৰহ্মপুত্ৰৰ পৰা এগৰাকী ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে বনভোজ খাবলৈ যোৱা নাৱখনত ১৩-১৪ গৰাকী লোকে যাত্ৰা কৰি আছিল বুলি প্ৰকাশ কৰে।

মঙলবাৰে নিশালৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখে।

Related News