NORTHEAST NOW (Assamese)

শিৱসাগৰত কৰুণ ঘটনা! পুৱাই দিখৌ নৈত জাপ দিলে নাবালক প্ৰেমিক যুগলে

November 23, 2024 9:45 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শিৱসাগৰ নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।আজি পুৱাতে নাজিৰাৰ দিখৌ দলঙৰ পৰা নদীত জাঁপ দিলে এহাল নাবালক প্ৰেমিক-প্ৰেমিকাই। এই ঘটনাই মুহূৰ্তৰ ভিতৰতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সূচনা কৰে। প্ৰেমিক-প্ৰেমিকা হালে নদীত জাপ দিয়া দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে দুয়োকে।

বিয়াৰ বাবে পৰিয়ালে সন্মতি নিদিয়াৰ বাবেই জাপ দিছিল প্ৰেমিক-প্ৰেমিকাহালে।একাংশ লোকে ঘটনাটো প্ৰত্যক্ষ কৰি নদীৰ পৰা উদ্ধাৰ কৰে দুয়োকে।

বৰ্তমান দুয়োগৰাকী সুস্থ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, প্ৰেমিকজনৰ ঘৰ নামতিত আৰু প্ৰেমিকাৰ ঘৰ হাঁহচৰাত বুলি জানিব পৰা গৈছে। পুৱাই সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত।

Related News