অসমৰ হোজাই জিলাৰ লামডিঙত বুধবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আন তিনিগৰাকী আৰক্ষীৰ লোকো আহত হয়। লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ দলটোৱে এটা গোচৰৰ তদন্তৰ কাম সামৰি উভতি অহাৰ সময়তে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষী চকীৰ চাৰিজনীয়া দলটোৰ নেতৃত্বত আছিল উপ-পৰিদৰ্শক নীলোৎপল শইকীয়া।
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কনিষ্টবলগৰাকীক দেৱাশীষ নাথ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, বাহনখনৰ চালক প্ৰণৱ থাওছেন গুৰুতৰভাৱে আহত হৈছে। তেওঁক হোজাইৰ হেমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত আন দুগৰাকী আৰক্ষীৰ লোকৰ শাৰীৰিক অৱস্থাৰ বিষয়ে তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে ২১ অক্টোবৰত দেশজুৰি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া আৰক্ষীৰ লোকসকলৰ স্মৃতিত পালন কৰা এই বিশেষ দিনটোতে অসমত কৰ্তব্যলৈ উভতি অহাৰ পথত এগৰাকী আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু হোৱা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে।
ইফালে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোক লৈ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।


