গোৱালপাৰাত পুৱতি নিশা দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী ট্ৰেভেলাৰ; থিতাতে নিহত দুজন ব্যক্তি

Goalpara Accident story

গোৱালপাৰাত সংঘটিত হোৱা পথ দুৰ্ঘটনা

গোৱালপাৰা জিলাৰ ৰংজুলিত পুৱতি নিশা সংঘটিত হোৱা এক ভয়ানক পথ দুৰ্ঘটনাত দুগৰাকী লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে প্ৰায় ত্ৰিশজন লোক আহত হয়।

শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোক দুগৰাকী হ’ল মতিবুৰ ৰহমান আৰু হবিবুৰ ৰহমান।

মতিবুৰ ৰহমানঘৰ ঘৰ শিয়ালমাৰীত আৰু হবিবুৰ ৰহমানৰ ঘৰ ভাকুলি পথাৰত।

জানিব পৰা মতে. পুৱতি নিশা যাত্ৰীবাহী ট্ৰেভেলাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত থকা এডাল গছত খুন্দা মাৰে।

জলেশ্বৰত ইছলাম ধৰ্মালম্বী লোকসকলৰ উৰুচত ভাগ লৈ নগাঁও অভিমুখে গৈ থকা সময়তে ট্ৰেভেলাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে আৰু আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় লোকৰ সহায়ত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে মৃত ব্যক্তি দুজনৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘন কুৱলী আৰু চালকৰ টোপনিৰ ভাব অহা বাবে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।