১১ অংকৰ হ’ব ম’বাইল ফোন নম্বৰ? ট্ৰায়ে কি কয়

275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

দেশত ম’বাইল ফোনৰ নম্বৰসমূহ ১১টা অংকৰ হ’ব বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া কৰিছে ট্ৰায়ে (Telecom Regulatory Authority of India)।

ট্ৰায়ে এই বাতৰিসমূহৰ দাবী অস্বীকাৰ কৰিছে।

শুকুৰবাৰে ট্ৰায়ে ‘Ensuring Adequate Numbering Resources for Fixed Line and Mobile Services’ শীৰ্ষক এক পৰামৰ্শাৱলী দিছিল।

ট্ৰায়ে কয় যে তেওঁলোকৰ পৰামৰ্শাৱলীৰ সম্পূৰ্ণ ভুল ব্যাখ্যা কৰা হৈছে।

আৰু ট্ৰায়ে ম’বাইল সেৱাৰ বাবে ১১টা অংকৰ নম্বৰৰ পৰামৰ্শ আগবঢ়োৱা নাই।

তাৰ বিপৰীতে দেশত ম’বাইল সেৱাত ১০টা অংকৰ ফোন নম্বৰেই বাহাল থাকিব।

ট্ৰায়ে কেৱল ফিক্সড লাইন নম্বৰৰ পৰা ম’বাইল নম্বৰলৈ ডায়েল কৰাৰ ক্ষেত্ৰত ম’বাইল নম্বৰৰ আগত এটা শূন্য (০) ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে।

ম’বাইল নম্বৰৰ পৰা ফিক্সড লাইন নম্বৰলৈ ফোন লগোৱাৰ ক্ষেত্ৰতো শূন্য (০) লগোৱাটো বাধ্যতামূলক।