অলিম্পিকৰ পূৰ্বে ফ্ৰান্সত ভয়ানক ঘটনা : ইখনৰ পিছত সিখনকৈ ৰে’লত আক্ৰমণ, ক্ষতিগ্ৰস্ত ৮ লক্ষাধিক যাত্ৰী

অলিম্পিকৰ মুকলি অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত সংঘটিত হৈছে ভয়াৱহ ঘটনা। দেশখনত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। ইখনৰ পিছত সিখনকৈ ৰে’লত আক্ৰমণ কৰিছে দুৰ্বৃত্তই। এই আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৮ লাখ লোক।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিব হাজাৰ হাজাৰ খেলুৱৈয়ে। কিন্তু অলিম্পিকৰ মুকলি অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই দুৰ্বৃত্তৰ আক্ৰমণে ব্যাহত কৰে ফ্ৰান্সৰ ৰে’ল সেৱা।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নিশাৰ পৰা ৰে’ল সেৱাৰ সৈতে সংযুক্ত কেবলত এটা এটাকৈ অগ্নিসংযোগ কৰা হয়। ফ্ৰান্সৰ ৰেল কোম্পানী এছএনচিএফে কয় যে এই লাইন পুনৰ নিৰ্মাণ কৰিবলৈ বহু সময় লাগিব। বহু ৰেলৰ সময় সলনি কৰা হৈছে। বহু ৰে’ল সেৱা বন্ধ হৈ পৰিছে। অৱশ্যে সোমবাৰৰ ভিতৰত সকলো সেৱা স্বাভাৱিক হ’ব বুলিও ৰে’লৱেই আশ্বাস দিয়ে।

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী গেব্ৰিয়েল আটালে কয়, এই আক্ৰমণৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। বহু লোক আৱদ্ধ হৈ পৰিছে। মই সুখী যে তেওঁলোকে প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়াইছে। সকলো যাত্ৰীলৈ ধন্যবাদ। দ্ৰুতগতিত মেৰামতিৰ কাম চলি আছে। অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে অতি অধ্যৱসায়ীভাৱে কাম কৰি আছে। ফ্ৰান্সৰ আৰক্ষীয়ে এই আক্ৰমণৰ দোষীক বিচাৰিছে।