NORTHEAST NOW (Assamese)

পুণেত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত: আহত প্ৰশিক্ষণৰত মহিলা পাইলট

July 25, 2022 7:58 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ পুণেত আজি এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী ২২ বছৰীয়া মহিলা প্ৰশিক্ষাৰ্থী পাইলট আহত হয়। পুনেৰ ইন্দপুৰ তালুকাৰ কাদবানৱাড়ী গাঁৱত পুৱা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

বিমানখনত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

প্ৰশিক্ষাৰ্থী পাইলট গৰাকীক ভৱিকা ৰাথোড় বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে ৰাথোড়ৰ আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিছে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে।

দুৰ্ঘটনাস্থলীত আঘাতপ্ৰাপ্ত ৰাথোড়ক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত চিকিৎসাৰ বাবে শ্বেগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে প্ৰকাশ কৰা বিবৃতিত দুৰ্ঘটনাগ্ৰস্ত বিমানখন কাৰ্টাৰ এভিয়েচনৰ চেচনা 152 ভিটি-এএলআই বুলি নিশ্চিত কৰিছে।

বিবৃতিটোত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমানখনে বিদ্যুৎ সংযোগ বিদ্যুৎ হেৰুওৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও জানুৱাৰী মাহত বিহাৰৰ গয়াত ভাৰতীয় সেনাৰ বিষয়া প্ৰশিক্ষণ একাডেমীৰ এখন বিমান উৰণৰ অলপ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

Related News