NORTHEAST NOW (Assamese)

বোকাখাতত বিধানসভা নিবার্চনৰ পটভূমিত বি.এল.অ আৰু অংগনবাড়ীকর্মীক ক’ভিড সম্পর্কীয় প্রশিক্ষণ

March 12, 2021 8:33 pm · উত্তম শইকীয়া
Updated: March 12, 2021 8:45 pm

আগন্তুক বিধান সভা নিৰ্বাচনৰ পটভূমিত জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় নির্বাচনী আয়ােগে ক’ভিড- ১৯ ৰ প্ৰতিৰোধ সম্পর্কত ল’বলগীয়া কেতবােৰ নীতি নির্দেশনা প্রণয়ন কৰিছে।

বােকাখাত নির্বাচনী জিলাত অহা ২৭ মার্চত হ’বলগীয়া প্রথম পর্যায়ৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ সময়ছােৱাত পালন কৰিবলগীয়া ক’ভিড-১৯ ৰ নীতি-নির্দেশনা সম্পৰ্কে আজি বােকাখাত নাট্যমন্দিৰত বিএল অ’আৰু আংগনবাড়ী কৰ্মীসকলকমহকুমা নিৰ্বাচনী বিভাগৰ তৰফৰ পৰা প্রশিক্ষণ দিয়া হয়।

ক’ভিড নিয়মাৱলী সম্পর্কে প্রশিক্ষণ প্রদান কৰে ডাঃ সৌমিপজ্যোতি বৰাই।

উক্ত প্রশিক্ষণকালত উপস্থিত থাকে বােকাখাত মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া  বিপুল দাস সাধাৰণ পর্যবেক্ষক ভাৰতীয় প্রশাসনিক সেৱা বিষয়া কনৱলপ্রীত ব্রাৰ,ৰাজহচক্রৰবিষয়া(সংলগ্ন) তথা ডাক বেলট কোষৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বগুফতা অঞ্জোম চোহেলী।

প্ৰশিক্ষণত মহকুমাটোৰ সকলো অগংনবাড়ী কৰ্মী আৰু বি এল অ’সকলে অংশগ্ৰহণ কৰে ৷

Related News