ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু ভোটাৰ তালিকাৰ এছ আই আৰ বিতৰ্কক লৈ বৰ্তমান দেশজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সমান্তৰালকৈ উত্তৰ প্ৰদেশৰ আগ্ৰাত থকা তেওঁৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহী সানি দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছ আৰু দলটোৰ একাংশ কৰ্মীয়ে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বাসগৃহৰ মূল গেটত ‘জ্ঞানেশ গদ্দাৰ’ আৰু ‘ভোট চোৰ’ বুলি লিখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে পুৱা আগ্ৰাৰ বিজয় নগৰ এলেকাত সংঘটিত হোৱা এই প্ৰতিবাদৰ লগতে পোষ্টাৰ লগোৱাৰ দৃশ্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।
এই ঘটনাৰ ফটো আৰু ভিডিঅ’ এক্স হেণ্ডেলত পোষ্ট কৰি কংগ্ৰেছ দলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াক দেশৰ সৈতে বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে। বিৰোধী দলটোৱে অভিযোগ কৰা মতে, যোৱা কেইবা বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ নেতাসকলৰ সৈতে মিলি জ্ঞানেশ কুমাৰে নিৰ্বাচনত জালিয়াতি কৰি জনসাধাৰণৰ ৰায় চুৰি কৰিছে, যিটো দেশৰ প্ৰতি এক চৰম দেশদ্ৰোহিতা। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায় আৰু নেতা ৰাজেন্দ্ৰ পাল গৌতমে অভিযোগ কৰে যে স্বাধীন, অবাধ আৰু নিকা নিৰ্বাচন পৰিচালনা কৰাৰ যি সাংবিধানিক দায়িত্ব আছে, সেয়া পালন কৰাত নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ কৰি শাসকীয় দলক অন্যায় সুবিধা প্ৰদান কৰা হৈছে।
মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে সোমবাৰে মুম্বাই, পুনে, ভূপাল, শ্ৰীনগৰ আদিকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰশাসনিক ভৱনৰ সন্মুখত বিৰোধীয়ে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। মহাৰাষ্ট্ৰৰ পুনেত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি কংগ্ৰেছ কৰ্মীসকলে এখন প্ৰতিবাদ পত্ৰও প্ৰদান কৰে। ইফালে, এখন ৰাষ্ট্ৰীয় বাতৰিকাকতৰ প্ৰতিবেদন অনুসৰি, ভোটাৰ তালিকা সংশোধন আৰু ভোটাৰৰ তথ্য হস্তান্তৰ কৰাক লৈ নিৰ্বাচন আয়োগৰ ভিতৰতে তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছে। আন দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে জ্ঞানেশ কুমাৰৰ একতৰফা সিদ্ধান্তৰ বিৰুদ্ধে লিখিত আপত্তি দৰ্শাইছিল বুলি প্ৰকাশ পোৱাৰ পিছতে ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হৈছে। অৱশ্যে, নিৰ্বাচন আয়োগে এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে একাধিক সদস্য থকা সাংবিধানিক সংস্থা এটাত আভ্যন্তৰীণ আলোচনা বা লিখিত প্ৰশ্ন উত্থাপন কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু এছ আই আৰ সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমেই লোৱা হৈছিল।





