ল’কডাউনৰ মাজতে পাণবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত লৱ কুমাৰ ডেকাৰ বাৰ্থডে’ৰ পাৰ্টী কৰাৰ পাছতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল কৰা হৈছে।
‘লকডাউন বাৰ্থডে’ পাৰ্টী’ত ভাগ লৈ মদে মাংসই খোৱা আটাইকেইজন বিষয়াক বদলি কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ গৃহবিভাগে শাস্তিমূলকভাৱে বদলি কৰিছে মদে-মাংসই পাৰ্টী কৰা আৰক্ষী বিষয়াকেইজনক।
এগৰাকী উপ আৰক্ষী আয়ুক্ত, চাৰিগৰাকী সহকাৰী আৰক্ষী আয়ুক্ত, দুগৰাকী আৰক্ষী উপ পৰিদৰ্শক আৰু এগৰাকী সহকাৰী উপ পৰিদৰ্শকক বদলি কৰা হৈছে।
গৌতম বৰাক গুৱাহাটী মধ্যম আৰক্ষী জিলাৰ DCPৰ দায়িত্ব দিয়া হৈছে।
তেওঁ কাহিলিপাৰাৰ 10APBnৰ কামাণ্ডেণ্ট আছিল। তেওঁৰ ঠাইত কাছাৰৰ SP মানৱেন্দ্ৰ দেৱ ৰয়ক 10APBnৰ কামাণ্ডেণ্ট ৰূপে বদলি।
DCP লংনিট টেৰণক BIEOৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
লগতে পঢ়ক : লকডাউন-কাৰফিউৰ মাজতে ৰখাই থোৱা বিলাসী জাহাজত বিলাসী সুৰাৰে আৰক্ষীৰ নৈশ পাৰ্টী
ইপিনে, মাত্ৰ দুদিন পূৰ্বে BIEOৰ SP ৰূপে যোগদান কৰা স্বপ্ননীল ডেকাক শদিয়ালৈ বদলি কৰা হৈছে।
ইয়াৰোপৰি নুনমাটিৰ ACP জিকিৰাণী মহন্তক মান্দাকাটাৰ বেটেলিয়নলৈ বদলি কৰা হৈছে বুলি সূত্ৰত প্ৰকাশ।
বাৰ্থদে পাৰ্টীৰ আয়োজন কৰা পাণবজাৰৰ ACP লৱ কুমাৰ ডেকাক 4APBnলৈ বদলি কৰা হৈছে। তেওঁৰ ঠাইত বঙাইগাঁৱৰ DSP মৈত্ৰেয়ী ডেকাক পাণবজাৰৰ ACP ৰূপে বদলি কৰা হৈছে।
তদুপৰি মহিলা আৰক্ষী থানাৰ ACP অৰুণিমা ভূঞাক কাহিলীপাৰাৰ 4APBn সহ অধিনায়িকালৈ বদলি কৰা হৈছে। তেওঁৰ ঠাইত জালুকবাৰীৰ নতুন ACP ৰ’জী তালুকদাৰক পাণবজাৰ মহিলা থানাৰ ACPৰ দায়িত্ব দিয়া হৈছে।
ইপিনে, BIEOৰ DSP অমৃতৰাজ চৌধুৰীক বঙাইগাঁৱৰ হেডকোৱাৰাটৰ DSP হিচাপে বদলি কৰা হৈছে।
ইয়াৰোপৰি, পাণবজাৰ থানাৰ OC হেমেন দাসক উত্তৰ শালমাৰালৈ SDPOলৈ বদলি কৰা হৈছে। জ্যোতিপ্ৰসাদ পেগুক জালুকবাৰী থানাৰ ACP হিচাপে বদলি কৰা হৈছে।
উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত লকডাউন আৰু কাৰ্ফিউ চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টি এফ দামোদৰ নামৰ বিলাসী জাহাজখনত বিলাতী সুৰাৰ ৰাগীত মাতাল হৈ আছিল মহানগৰ আৰক্ষীৰ বহু কেইগৰাকী উচ্চ পদস্ত আৰক্ষী বিষয়া।
তাৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তক এই ঘটনাৰ উচিত তদন্ত কৰি এক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল ৰাজ্যৰ মুখ্য সচিবে।
সেই প্ৰতিবেদনৰ ভিত্তিতে এই কেইগৰাকী আৰক্ষীক শাস্তিমূলক বদলি দিয়ে ৰাজ্যৰ গৃহ বিভাগে।