NORTHEAST NOW (Assamese)

সুস্থ হৈ উঠা ৰোগীক মাৰিলে ভুল গ্ৰুপৰ তেজ দি : তদন্ত কমিটী গঠন অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ

October 12, 2018 6:00 pm · এন ই নাও নিউজ
Updated: October 12, 2018 6:26 pm

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এটা মাৰাত্মক ভুলৰ কথা আজি পোহৰলৈ আহিছে। ভৰিৰ অপাৰেইশ্যন কৰা এজন ৰোগী ক্ৰমে সুস্থ হৈ উঠাৰ সময়তে তেওঁক ভুল গ্ৰুপৰ তেজ দি মৃত্যুৰ মুখলৈ ঠেলি দিলে দায়িত্বত থকা স্বাস্থ্যকৰ্মীয়ে।

জানিব পৰামতে, ভুল অ’ পজিটিভ তেজৰ সিদ্ধেশ্বৰ মৰাণ নামৰ ৰোগীজনক ভুলক্ৰমে বি পজিটিভ তেজ দিয়াত তেওঁৰ কিছু সময়ৰ পিছতে মৃত্যু হয়। সিদ্ধেশ্বৰ মৰামৰ পৰিয়ালে জনোৱামতে, সফল অপাৰেইশ্যনৰ পিছত সিদ্ধেশ্বৰ মৰাণ সুস্থ হৈ উঠিছিল।

কিন্তু ১১ অক্তোবৰত ৰাতি তেওঁক তেজ দিওঁতে চিকিৎসালয়ৰ কৰ্তব্যৰত কৰ্মচাৰীয়ে ভুলতে অন্য এটা গ্ৰুপৰ তেজৰ পেকেটহে তেওঁৰ শৰীৰত সংযোগ কৰে। কিন্তু ভালেমানখিনি তেজ শৰীৰত প্ৰৱেশ কৰাৰ পিছত এজনৰ চকুত পৰে কথাটো। আৰু তাৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষক জনোৱাত হুৱা-দুৱা লাগে। চিকিৎসক-নাৰ্ছে খৰধৰকৈ সিদ্ধেশ্বৰ মৰাণক প্ৰথমে অপাৰেইশ্যন গৃহলৈ আৰু তাৰ পিছত আই চি য়ুলৈ নিয়ে যদিও তেওঁ নাবাচিল।

ইফালে এই ঘটনাৰ তদন্ত দিয়া বুলি সংবাদ মাধ্যমৰ আগত অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু হস্পিটেলৰ অধীক্ষক ডাঃ ইন্দ্ৰ চুতীয়াই ঘটনাৰ তদন্ত দিয়া বুলি জানিবলৈ দিয়ে। অধীক্ষকৰ মতে ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ তদন্ত সম্পূৰ্ণ হ’ব আৰু দোষীক নিয়মৰ মতে শাস্তি দিয়া হ’ব। উল্লেখযোগ্য যে দুৰ্ঘটনাটোৰ পিছত সিদ্ধেশ্বৰ মৰাণৰ পৰিয়ালে ইয়াৰ তদন্ত দাবী জনাইছিল।

Related News