সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তেওঁলোকৰ বিভিন্ন দাবী লৈ এক ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰে। সংগঠনটোৱে বহুদিনৰে পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনক অৱগত কৰি আহিছিল। এই সমস্যাসমুহ সমাধানৰ বাবে সংগঠনটোৱে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰ তথা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠনটোৱে এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনটোৰ কেইবা শতাধিক সদস্যই নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা সমদল কৰি আহি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰে আৰু শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
সংগঠনটোৰ মূল দাবী সমুহ হল— (১)নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৭ বাতিল কৰা, (২)অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়াৰ লগতে বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা,(৩)অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ গঠন কৰা, (৪)অনুসুচীত জাতিৰ ভূমিহীন লোকসকলক ভূমি প্ৰদানৰ ব্যৱস্থা কৰা, (৫) শিৱসাগৰ জিলাত যি সকল অনুসুচীত জাতিৰ লোকৰ ভূমি পট্টা নাই তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰা,(৬) ছাত্ৰ-বৃত্তি নিয়মীয়া কৰা, (৭)শিৱসাগৰ জিলাৰ চৰগুৱা অঞ্চল আৰু ভাটি বনগাঁৱৰ দুৰ্গম পথৰ পকীকৰণৰ ব্যৱস্থা কৰা আৰু লগতে দিখৌ নদীৰ সংহাৰী বানে উটুৱাই নিয়া আৰু আজি পৰ্য্যন্ত কোনো সম্ভেদ নোপোৱা দ্বীপেন জ্যোতি দাসক মৃত ঘোষণা কৰা, (৮) ভাৰতীয় সংবিধান অনুসৰি সংৰক্ষণ ব্যৱস্থা সুচাৰু ৰূপে মানি চলাৰ লগতে অনুসুচীত জাতি জনজাতি অৱমাননা প্ৰতিৰোধ আইনখন অসমত সঠিক ৰূপত ব্যৱহাৰ কৰা, (৯) অসমৰ নদী, বিল,হাট আৰু ঘাট আদি সকলোতে অনুসুচীত জাতিৰ লোকক স্বতন্ত্র অধিকাৰ প্ৰদান কৰা, (১০)অনুসুচীত জাতিৰ অন্যতম উপজাতি জালৌ-মালৌসকলৰ বন্ধ হৈ থকা জাতিগত প্ৰমাণপত্ৰ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰা আৰু অ’এনজিচিৰ তেলৰ পাইপ ফুটি নিৰ্গত হোৱা তেলৰ জৰিয়তে ৰুদ্ৰসাগৰৰ ক্ষতিগ্ৰস্থ লোকক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা।
সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাস আৰু সম্পাদক মৃদুল দাসে জনায় যে চৰকাৰ তথা প্ৰশাসনে এই দাবী সমুহ অতিশীঘ্ৰে পূৰণ নকৰিলে পৰবৰ্তী সময়ত প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰ লগতে জংগী আন্দোলন কৰিবলৈ বাধ্য হব।