• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাগ্ৰামা মহিলাৰী-অখিল গগৈ বাহিনীৰ ঐকতান, চিৰাঙত জাৰি ১৪৪ ধাৰা

চিৰাঙত কাৰ্বন ৰিচৰ্চ নামৰ উদ্যোগটোৱে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে একেসুৰত প্ৰতিবাদ কৰিছে দুই নেতা অখিল গগৈ আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন সংগঠনে।

তেজেশ ত্ৰিপাঠী by তেজেশ ত্ৰিপাঠী
October 12, 2018 6:12 pm
akhil gogoi hagrama mohilary

অখিল গগৈ- হাগ্ৰামা মহিলাৰী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আজি পৰ্য্যন্ত মিলন নঘটিলেও চিৰাঙত কাৰ্বন ৰিচ’ৰ্চ নামৰ উদ্যোগটোৱে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে দৃঢ় স্থিতিৰে একেসুৰত প্ৰতিবাদ কৰিছে দুই নেতা অখিল গগৈ আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন সংগঠনে।

চিৰাঙৰ ধালিগাওঁস্থিত উদ্যোগটোৱে “চৌপাশৰ জনবসতিপূৰ্ণ এলেকাসমূহ প্ৰদূষিত কৰি তুলিছে” বুলি অভিযোগ কৰি ধাৰাৱাহিক প্ৰতিবাদত নামিছে বিপিএফ-ৰ জিলা সমিতি। আৰু উদ্যোগসৃষ্ট প্ৰদূষণৰ “নীৰৱ দৰ্শক হৈ” নথকাৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাওঁ জিলা সমিতিৰ সম্পাদক নন্দন দেবনাথে।

Apply Now

বিপিএফ-ৰ নেতৃত্বত ৮ম দিনত ভৰি দিয়া স্থানীয় ৰাইজৰ প্ৰতিবাদত বন্ধ ৰাখিবলৈ বাধ্য হোৱা ভয়াৱহ “প্ৰদূষণকাৰী” উদ্যোগটোৰ কাম-কাজ মুকলি কৰিছে জিলা প্ৰশাসনে। লগতে চিৰাং প্ৰশাসনে বুধবাৰে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাও জাৰি কৰিছে।

কিন্তু নাচোৰবোন্দা প্ৰতিবাদকাৰীসকলে উদ্যোগটোৰ মুখ্য দ্বাৰৰ পৰা কিছু দূৰৈত অব্যাহত ৰাখিছে প্ৰতিবাদী ধৰ্ণা। উদ্যোগটোৰ বিৰুদ্ধে স্থানীয় বিপিএফ নেতা পানীৰাম ব্ৰহ্মই যোৱা ২০১৬ চনতে এটা গোচৰো ৰুজু কৰিছিল বুলি জানিব পৰা গৈছে।

আনহাতে “নিৰ্বিকাৰ মনোভাৱ” প্ৰদৰ্শন কৰা প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দক সকীয়নি দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ধালিগাঁৱৰ বাহিৰেও সুন্দৰী আৰু নিউ বঙাইগাঁৱত থকা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহকো শীঘ্ৰে নাকী লগোৱাৰ বাবে অসম চৰকাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দক দাবী জনাইছে সংগঠনটোৰ নেতা নন্দন দেবনাথে।

লক্ষণীয়ভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দৰ ১২ জনীয়া এটা দলে বৃ্হস্পতিবাৰে উদ্যোগটো পৰিদৰ্শন কৰি “প্ৰদূষণৰ মাত্ৰা পৰীক্ষা” কৰিছিল। দলটোৰ মতে তেওঁলোকৰ প্ৰতিবেদনতে তেওঁলোকে পোৱা সকলো তথ্য উল্লেখ কৰা হৈছে।

কিন্তু সূত্ৰ অনুসৰি দলটোৱে পৰিদৰ্শন কৰা নাছিল অভিযুক্ত উদ্যোগটোৰ গুদাম য’ত ধালিগাঁৱৰ উদ্যোগটোৰ লগতে নিউ বঙাইগাঁৱৰ ব্ৰহ্মপুত্ৰ কাৰ্বন লিমিটেদ নামৰ আন এটা উদ্যোগেও জমা ৰাখিছে বৃহৎ পৰিমাণৰ কেঁচা পে’ট্ৰলিয়াম ক’ক (Raw Petroleum Coke)। এই সামগ্ৰী পানী আৰু ভূ-পৃষ্ঠৰ ভয়াৱহ প্ৰদূষক।

তেজেশ ত্ৰিপাঠী

তেজেশ ত্ৰিপাঠী

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং, পৰিস্থিতি তদাৰক কৰিবলৈ দুজন মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd