NORTHEAST NOW (Assamese)

কোভিড-১৯ৰ লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা ট্ৰেভেল এজেন্সিসমূহক জীয়াই ৰাখিব পৰা যাবনে?

June 14, 2020 11:04 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কোভিড-১৯ অতিমাৰীৰ কাৰণে ব্যৱসায়ৰ অভাৱত ট্ৰেভেল এজেন্সিৰ মালিকসকল এক কঠিন সময়ৰ মাজেৰে চলিবলগীয়া হৈছে।

তেওঁলোকে ঋণৰ বোজা কঢ়িয়াব লগা হৈছে আৰু ঋণৰ কিস্তি আদায় দিবলৈকো অসমৰ্থ হৈ পৰিছে।

বাতৰি অনুসৰি, একাংশ মালিকে তেওঁলোকৰ বাহনবোৰ বিক্ৰী কৰিবলৈ লোৱাৰ বিপৰীতে কিছুমান ক্ষেত্ৰত বেংকে গাড়ীসমূহ জব্দ কৰিছে।

বহুতো মালিকে আনকি ব্যৱসায় বন্ধ কৰিবলৈকো আৰম্ভ কৰিছে।

বহুতো মালিকে এতিয়া কম দামতে তেওঁলোকৰ গাড়ীবোৰ বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

তেওঁলোকে ভাৱে যে আন ব্যৱসায়ত থকাসকলে তেওঁলোকৰ কামবোৰ পুনৰ উজ্জীৱিত কৰি তুলিব পাৰে।

কিন্তু ট্ৰেভেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত সেইটো নহয়। তেওঁলোকৰ বীমাৰ ধন দিবলৈ বাকী আছে আৰু ঋণ বৃদ্ধি পাই গৈ আছে।

আনকি তেওঁলোকে যদি তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰেও তেতিয়াও তেওঁলোকক আগৰ স্থিতিলৈ ঘুৰি আহিবলৈ আৰু তিনিমাহ সময় লাগিব।

আনহাতে, গাড়ীবোৰ ঠিকমতে চলি নাথাকিলে সেইবোৰৰ মেৰামতিৰ বাবে অতিৰিক্ত খৰচৰ প্ৰয়োজন হ’ব।

বৰ্তমান ট্ৰেভেল এজেন্সিসমূহে চৰকাৰৰ পৰা সাহায্য দাবী কৰিছে।

ইপিনে, লকডাউনৰ সময়ত যদিও ঋণৰ কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰা হৈছিল ট্ৰেভেল এজেন্সিসমূহৰ মালিকসকলৰ মতে সেয়া মাথোঁ সাময়িক সকাহহে।

আনকি প্ৰাইভেট ট্ৰেভেল এজেন্সিসমূহে উবেৰ আৰু অ’লাৰ দৰে বৃহৎ কোম্পানীবোৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে।

এই সংকটৰ সময়ত সমস্যাসমূহ দূৰ কৰিবলৈ ট্ৰেভেল এজেন্সি উদ্যোগটোৱে চৰকাৰৰ পৰা কিস্তিৰ সুতৰ হাৰ বাতিল কৰা, পথ কৰ সংগ্ৰহৰ পৰা বিৰত থকা, কেইমাহমানৰ বাবে বীমা ৰেহাই দিয়া তথা ৰাজসাহায্যযুক্ত গাড়ীৰ ঋণ আগবঢ়োৱাৰ দৰে ৰেহাইমূলক ব্যৱস্থাৰ দাবী কৰিছে।

Related News