NORTHEAST NOW (Assamese)

অসুস্থ অখিল গগৈৰ চিকিৎসালয়ৰ পৰিৱৰ্তে কাৰাগাৰৰ ভিতৰতে চলিছে চিকিৎসা; অসন্তুষ্ট কৃষক মুক্তি সংগ্ৰাম সমিতি

March 4, 2020 11:43 am · কল্পজ্যোতি শইকীয়া
অখিল গগৈ

কাৰাবন্দী কৃষক নেতা অখিল গগৈ অসুস্থ হৈ পৰাৰ পাছতো তেওঁক উন্নত চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ কোনো দিহা বৰ্তমানলৈ কৰা হোৱা নায়।

অখিল গগৈক চিকিৎসালয়লৈ প্ৰেৰণৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দল কাৰাগাৰত উপস্থিত হৈ তেওঁৰ চিকিৎসা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

৩ ফেব্ৰুৱাৰিৰ নিশা ৰাজ্য চৰকাৰে অসুস্থ কৃষক নেতা গৰাকীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

চৰকাৰৰ নিৰ্দেশৰ পাছতে আজি ৰাতিপুৱা জি এম চি এইচৰ অভিজ্ঞ চিকিৎসকৰ দলটো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ৰাওনা হয়।

ইপিনে, কালি অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে ‘নিয়া’ৰ বিশেষ ন্যায়াধীশ আদালতত অখিলৰ উন্নত চিকিৎসাৰ বাবে অনুমতি বিচাৰি এক লেখ আবেদন দাখিল কৰিছিল।

উক্ত আবেদনৰ ওপৰত ভিত্তি কৰি আদালতে আজি কাৰাগাৰ অধীক্ষকক অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিছে।

আনহাতে, কাৰাগাৰ অধীক্ষকৰ প্ৰতিবেদনৰ পাছত আদালতে অখিলৰ চিকিৎসা সন্দৰ্ভত ৰায় প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

গগৈৰ পত্নীয়ে আবেদনত উল্লেখ কৰা মতে কৃষক নেতা গৰাকী প্ৰচণ্ড পেটৰ বিষ, জ্বৰ, প্ৰস্বাৱৰ সমস্যা আৰু পিঠিৰ বিষত আক্ৰান্ত হৈ আছে।

অখিল গগৈক কাৰাগাৰৰ ভিতৰত চিকিৎসা কৰা কাৰ্য্যক লৈ সন্তুষ্ট নহয় কৃষক মুক্তি সংগ্ৰাম সমিতি।

এই সন্দৰ্ভত সংগঠনটোৰ নেতা মুকুট ডেকাই কয়, ‘‘অখিল গগৈয়ে উপযুক্ত চিকিৎসা পাব লাগে সেয়া কাৰাগাৰৰ ভিতৰতে হওক বা বাহিৰতে হওক। কিন্তু কাৰাগাৰৰ ভিতৰত যিখিনি চিকিৎসা ব্যৱস্থা থাকিব লাগে সেয়া নায়। কাৰাগাৰত চিকিৎসক এজন থাকে যদিও ২৪ ঘণ্টা নাথাকে, ৮-৯ ঘণ্টাহে থাকে। কাৰাগাৰৰৰ ভিতৰত পৰ্যাপ্ত ঔষধ নাথাকে, আৰু পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থাও নাথাকে।’’

উল্লেখযোগ্য যে, বিগত ৫ দিন ধৰি কাৰাগাৰৰ ভিতৰতে চিকিৎসাধীন হৈ আছে অখিল গগৈ।

ইয়াৰ পূৰ্বে অসুস্থ অখিল গগৈৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিল।

Related News