DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ মাৰ্চত পুনৰ ভাৰত বন্ধ; প্ৰভাৱ পৰিব পাৰে পৰীক্ষাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 6:06 pm
bharat-bandh New

প্ৰতিনিধিত্বমূলক ফটো।

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি ১৬খন ৰাজ্যৰ বনাঞ্চলত বাস কৰি থকা জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটোৰ প্ৰতিবাদত অহা ৫ মাৰ্চত ভাৰত বন্ধৰ আহ্বান কৰিছে দেশৰ বিভিন্ন জনজাতীয় আৰু বনবাসী সংগঠনবোৰে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শীৰ্ষতম আদালতখনত জনজাতীয় লোক আৰু বনবাসীসকলৰ অধিকাৰক সুৰক্ষা দিয়াত ব্যৰ্থ হ’ল বুলি অভিযোগ তুলিছে বন্ধৰ আহ্বান জনোৱা সংগঠনবোৰে। অনতিপলমে তেওঁলোকৰ অধিকাৰ নিশ্চিত কৰিব পাৰাকৈ এখন অধ্যাদেশ আনিবৰ বাবে আহ্বান জনাইছে সংগঠনবোৰে।

দলিত আৰু জনজাতীয় নেতা অশোক ভাৰতীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যদিহে তেওঁলোকৰ দাবী কেন্দ্ৰীয় চৰকাৰখনে মানি লয়, তেতিয়া বন্ধৰ আহ্বান প্ৰত্যাহাৰ কৰিব। জনজাতীয় সংগঠনবোৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে দলিত সংগঠনবোৰেও।

“যদি শতিকাৰ পিছত শতিকা ধৰি নিজৰ ঠাইত বাস কৰি অহা জনজাতিসকলৰ পট্টা নাই, প্ৰয়োজনীয় নথি নাই, তেতিয়া হ’লে তেওঁলোক নিজৰ স্বত্বৰ পৰা বঞ্চিত নোহোৱাটো চৰকাৰ আৰু সংশ্লিষ্ট বিষয়াই নিশ্চিত কৰিব লাগিব। উচ্চতম ন্যায়ালয়ত চৰকাৰৰ ন্যায়িক বিষয়াসকলে অনুসূচিত জাতি আৰু জনজাতিসকলক প্ৰতনিধিত্ব কৰাত ব্যৰ্থ হ’ল। আনকি দলিত আৰু জনজাতি আয়োগো ব্যৰ্থ হ’ল”, ভাৰতীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

উল্লেখযোগ্য যে দেশৰ শীৰ্ষতম আদালতখনে যোৱা ১৩ ফেব্ৰুৱাৰিত বন অধিকাৰ আইন (Forest Rights Act)খনৰ অধীনত ১৬খন ৰাজ্যৰ বিভিন্ন বনাঞ্চলত বাস কৰি থকা জনজাতিসকলক আৰু বনবাসী পৰিয়ালবোৰক উচ্ছেদৰ নিৰ্দেশ দিছিল। আইনখনৰ প্ৰত্যাহ্বান জনাই দিয়া এখন আৱেদনৰ শুনানি লৈ আদালতখনে এই নিৰ্দেশটো দিয়ে। নিৰ্দেশটোৰ পিছতে হাহাকাৰ লাগে সংশ্লিষ্ট ৰাজ্যকেইখনৰ শতিকাৰ পিছত শতিকা জুৰি অৰণ্যাঞ্চলক আশ্ৰয় কৰি থকা জনজাতীয় আৰু বনবাসী লোকসকলৰ মাজত।

২০০৬ চনত কংগ্ৰেছ চৰকাৰখনৰ দিনত অনা বন অধিকাৰ আইনখনে পৰম্পৰাগতভাৱে বনাঞ্চলক আশ্ৰয় কৰি থকা জনজাতি আৰু বনবাসীসকলক তেওঁলোকৰ গাৱঁৰ সীমাৰ ভিতৰত থকা বনাঞ্চলত প্ৰৱেশ কৰা, বনাঞ্চল পৰিচালনা কৰাৰ তেওঁলোকৰ অধিকাৰ ঘূৰাই দিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটোৰ পিছত এই আইনখনৰ অধীনত অধিকাৰৰ সৈতে বনাঞ্চলত বাস কৰি থকা ১১ লাখৰো অধিক পৰিয়াল উচ্ছেদিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

উচ্ছেদৰ নিৰ্দেশটোৰ পিছত জনজাতীয় সংগঠন আৰু অন্যান্য সংগঠনবোৰৰ দেশজুৰি প্ৰতিক্ৰিয়া দেখি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত ইয়াক পুনৰ বিবেচনা কৰিবলৈ জনোৱা আৱেদনৰ শুনানি লৈ ১৩ ফেব্ৰুৱাৰিৰ নিৰ্দেশটোত স্থগনাদেশ দিয়ে।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd