নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিবলৈ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব অসমৰ জনজাতীয় সংগঠনবোৰৰ সমন্বয়ৰক্ষী সমিতিয়ে।
আজি নতুন দিল্লীত জনজাতীয় সংগঠনবোৰৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যখনৰ ২৪টা জনজাতীয় সংগঠনৰ ঐক্যবদ্ধ আন্দোলন হ’ব এই অৰ্থনৈতিক অৱৰোধ।
“আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰণপণ যুঁজ দিম। আমি অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ পৰিকল্পনা কৰিছো”, খাকলাৰীয়ে কয়।
বিধেয়কখন অসমৰ জনবিন্যাস সলনি কৰাই নহয়, ই উত্তৰ-পূবৰ আৰু বিশেষকৈ অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি আনিব।
বিধেয়কখনক মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৰাজনৈতিক ক্ৰীড়নক আখ্যা দি খাকলাৰীয়ে কয়, “বিধেয়কখন আনি তেওঁলোকে মানুহৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰিছে। এইটো তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতি।”
তেওঁৰ সংগঠনটোৱে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে।
“আমি নেতাসকলক লগ কৰিম আৰু তেওঁলোকৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমৰ্থন আদায় কৰিম”, খাকলাৰীৰ মন্তব্য।
উল্লেখযোগ্য যে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ নেছ’ই (North East Student Organisation) আজি নতুন দিল্লীত সমাজবাদী দলৰ সাংসদ জাভেদ আলী খানক লগ কৰি বিধেয়কখনৰ বিৰুদ্ধে তেওঁৰ দলৰ সমৰ্থন বিচাৰে। নেছ’ৰ দলটোত সমুজ্জ্বল ভট্টাচাৰ্য্য, দীপংক নাথ আৰু ছেমুৱেল জিৰৱা আছিল।