• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উটিত এমটিআৰ পৰা স্থানচ্যুতৰ পুনঃসংস্থাপন প্ৰক্ৰিয়াত প্ৰতাৰণা! বিক্ষোভ প্ৰদৰ্শন জনজাতীয় লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 9:10 pm
66
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানচ্যুত হোৱা জনজাতীয় পৰিয়ালসমূহে তেওঁলোকৰ ১৭টা দাবী পূৰণৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।

এমটিআৰ ঘৰ-ভূমিৰ পৰা বলপূৰ্বক উচ্ছেদ কৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে তেওঁলোক। পুনঃসংস্থাপনৰ সময়ত তেওঁলোকৰ সৈতে প্ৰতাৰণা কৰি মাটি আৰু ন্যায্য ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰা বুলি দাবী উত্থাপন কৰিছে। পানিয়া আৰু কাট্টুনায়কান সম্প্ৰদায়ৰ সদস্যসহ বিক্ষোভকাৰীসকলে কয় যে বন বিভাগৰ কৰ্মচাৰী, অধিবক্তা আৰু ভূমি দালালে তেওঁলোকৰ সৈতে প্ৰতাৰণা কৰিছে, যাৰ ফলত বহুতৰে ন্যায্য ক্ষতিপূৰণ বা আইনী মাটিৰ নথি লাভ কৰা নাই।

জনজাতীয় পৰিয়ালসমূহে জানিবলৈ দিয়ে যে চৰকাৰে বাঘ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এমটিআৰৰ পৰা স্থানান্তৰৰ বিনিময়ত তেওঁলোকক ১০ লাখ টকা বা সমপৰিমাণৰ মাটিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু একাংশ লোকক প্ৰদান কৰা ধন দালালে লোৱাত, তেওঁলোকক ব্যৱহাৰৰ অনুপযোগী চৰকাৰী পৰম্বোক মাটি বিক্ৰী কৰিছিল, যিবিলাক আইনীভাৱে নিজৰ কৰিব নোৱাৰি। পুলিয়ালাম আৰু নাগামপল্লিৰ কিছু পৰিয়াল এতিয়াও পূৰ্ণ ক্ষতিপূৰণৰ অপেক্ষাত আছে। তেওঁলোকে প্ৰতাৰণাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা, আইনী মাটিৰ নথি আৰু ২৫ লাখ টকা ক্ষতিপূৰণৰ দাবী কৰিছে।

উল্লেখ্য যে তামিলনাডুৰ জনজাতি সংগঠনৰ কে. মহেন্দ্ৰনে কয় যে বৰ্তমানলৈ ৫৭৪টা পৰিয়ালক একাধিক পৰ্যায়ত সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানচ্যুত কৰা হৈছে। ইয়াৰে ১০৮টা পৰিয়াল এতিয়াও সংৰক্ষিত অঞ্চলত বাস কৰি আছে আৰু স্থানান্তৰ হ’বলৈ অস্বীকাৰ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০০৭ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চৰকাৰক এবছৰৰ ভিতৰত উচ্ছেদ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু বন বিভাগে ২০১৬ চনতহে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

জনজাতীয় লোকসকলে অভিযোগ কৰে যে বন্যপ্ৰাণী সুৰক্ষা আইন, বন অধিকাৰ আইন, আৰু ভূমি অধিগ্ৰহণ, পুনঃসংস্থাপন আৰু ক্ষতিপূৰণত ন্যায্যতা আৰু স্বচ্ছতাৰ অধিকাৰ আইনৰ নিয়মবোৰ সঠিকভাৱে পালন কৰা হোৱা নাছিল। তেওঁলোকে ২০১৯ চনৰ পৰা চলি থকা গোচৰসমূহত বন বিভাগৰ কৰ্মচাৰী, অধিবক্তা আৰু ভূমি দালালৰ বিৰুদ্ধে তৎপৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে, অভিযুক্তসকলে বিক্ৰী কৰা মাটিৰ নথি-পত্ৰ লাভ কৰাত চৰকাৰৰ সহায় বিচাৰিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd