ফালি এচ নাৰিমানলৈ শ্ৰদ্ধাঞ্জলি

কিছুমান মানুহ কিংবদন্তী হিচাপেই জনাজাত হৈ পৰে। ভাৰতত ন্যায়পালিকা বা আইনৰ জগতত তেনে এগৰাকী কিংবদন্তী পুৰুষ আছিল ফালি এচ নাৰিমান। যোৱা ২১ ফেব্ৰুৱাৰীৰ দিনা ৯৫ বছৰ বয়সত তেখেতৰ দেহাৱসান হয়। ফালি এচ নাৰিমান নিঃসন্দেহে বৰ্তমান সময়ত ভাৰতৰ শ্ৰেষ্ঠ ন্যায়বিদ আৰু অধিবক্তা আছিল। তেওঁ সাংবিধানিক বিশেষজ্ঞ আৰু কোম্পেনী আইন বিশাৰদ আছিল। কোম্পেনী আইনৰ কথাটো বেলেগ। কিন্তু, সংবিধান বিশাৰদ হিচাপে তেওঁৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ।

নাৰিমানে ন্যায়পালিকা সদায় স্বতন্ত্ৰ হৈ থকাটো বিচাৰিছিল। এই ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অদ্বিতীয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক কোনে নিযুক্তি দিব আৰু তেওঁলোকক কোনে বদলি কৰিব- এই বিষয়টো লৈ ১৯৮১ চনৰ পৰাই উচ্চতম ন্যায়ালয়ত বিতৰ্ক চলি আহিছে। এই ক্ষেত্ৰত তিনিটা গোচৰৰ ৰায় গুৰুত্বপূৰ্ণ, প্ৰথমটো হ’ল দ্বিতীয় ন্যায়াধীশৰ গোচৰ, দ্বিতীয়টো হ’ল তৃতীয় ন্যায়াধীশৰ গোচৰ আৰু তৃতীয়টো হ’ল National Judicial Appointment Commission Act 2014-ৰ গোচৰ।

প্ৰথম আৰু দ্বিতীয় ন্যায়াধীশ গোচৰৰ অন্তত মূলতঃ নাৰিমানৰ যুক্তিৰ ভিত্তিতে ১৯৯৩ চনত উচ্চতম ন্যায়ালয়ৰ নজনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি আৰু বদলিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ বন্ধ কৰি কলেজিয়াম পদ্ধতিৰ প্ৰবৰ্তন কৰিছিল। তেতিয়াৰে পৰা ন্যায়াধীশৰ নিযুক্তি আৰু বদলি সেই পদ্ধতি মতে চলি আছিল। কিন্তু, ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত, তেওঁলোকে সকলো অনুষ্ঠান, প্ৰতিষ্ঠানৰ ওপৰতে হস্তক্ষেপ আৰম্ভ কৰে। তেতিয়াই কলেজিয়াম পদ্ধতিৰ বিৰুদ্ধে গৈ চৰকাৰে National Judicial Appointment Commission Act, 2014 আনে।

সংবিধান সংশোধন কৰি মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ দুজন জ্যেষ্ঠ ন্যায়াধীশ, কেন্দ্ৰীয় আইন মন্ত্ৰী, আৰু মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলপতিৰ দ্বাৰা গঠিত কমিটি এখনে মনোনীত কৰা দুজন প্ৰখ্যাত ব্যক্তিক লৈ National Judicial Appointment Commission Act, 2014 গঠন কৰা হয়। উচ্চতম ন্যায়ালয়ত এন জি এ চি আইন, ২০১৪ক প্ৰত্যাহ্বান জনোৱা হয়। এই গোচৰটোত ফালি এচ নাৰিমানে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি Supreme Court Advocates-on- Records Association-ৰ হৈ এন জি এ চি আইন, ২০১৪ৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰে। তেওঁ কয় যে চৰকাৰ আৰু বিধান মণ্ডলীক ন্যায়াধীশ নিযুক্তি দিয়া আৰু বদলি কৰাৰ কৰ্তৃত্ত্ব দিলে সি ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত হস্তক্ষেপ কৰা হ’ব। নাৰিমনৰ যুক্তিৰ আধাৰতে উচ্চতম ন্যায়ালয়ে ২০১৫ চনত এন জি এ চি আইন-২০১৪ বাতিল কৰি আগৰ কলেজিয়াম পদ্ধতি বাহাল ৰাখে।

গোলোকনাথ বনাম পঞ্জাৱ ৰাজ্য নাৰিমানে উকালতি কৰা অইন এটা গুৰুত্বপূৰ্ণ গোচৰ। দুই ভাতৃয়ে ১৯৬৭ চনত সংবিধানৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰা ১৭নং সংশোধনীৰ বিৰোধিতা কৰিছিল। নাৰিমানে যুক্তি দাঙি ধৰি কৈছিল যে সম্পত্তিৰ অধিকাৰ ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰত সন্নিৱিষ্ট। সেয়ে, সংসদত আইন আনি এই অধিকাৰ ৰদ কৰিব পৰা নাযায়। কিয়নো ভাৰতৰ সংবিধানৰ আত্মা নিহিত মৌলিক অধিকাৰত। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নাৰিমানৰ যুক্তিত পতিয়ন গৈ গোচৰীয়াৰ সপক্ষে ৰায়দান কৰিছিল।উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে এফালে ব্যক্তিৰ মৌলিক অধিকাৰ আৰু আনফালে ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ কথাটোকে দোহাৰিছিল।

নাৰিমানে উকালতি কৰা আন এটা গুৰত্বপূৰ্ণ গোচৰ আছিল টি এম এ পাই বনাম কৰ্ণাটক চৰকাৰ গোচৰ। ভাৰতৰ সংবিধানে সংখ্যালঘু সকলৰ অধিকাৰ সুনিশ্চিত কৰিছে। গতিকে তেওঁলোকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়। সেয়ে, সংখ্যালঘু জনগোষ্ঠীয়ে সংখ্যালঘু বৈশিষ্ট্য বজায় ৰাখি শিক্ষানুষ্ঠান বা আন তেনে অনুষ্ঠান চলাই ৰখাত চৰকাৰে বাধা দিব নোৱাৰে। নাৰিমানে উকালতি কৰা অইন এক গুৰুত্বপূৰ্ণ গোচৰ আছিল কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ মাজত কাবেৰী নদীৰ পানী বিতৰণ কৰা বিবাদৰ গোচৰটো। এইটো এটা অতি জটিল গোচৰ আছিল।

নাৰিমানে কৰ্ণাটক চৰকাৰৰ হৈ উকালতি কৰিছিল যদিও দুয়োখন ৰাজ্যই যাতে সমানে কাবেৰী নদীৰ পানী ব্যৱহাৰ কৰিব পাৰে সেইটো তেওঁ নিশ্চিত কৰিছিল। এক জটিল সমস্যা অতি ধৈৰ্য সহকাৰে সমাধান কৰাত উচ্চতম ন্যায়ালয়ক সহায় কৰা কাৰণে তেওঁ লোৱা দৃষ্টিভংগী আৰু অৱস্থানৰ ওপৰত উচ্চতম ন্যায়ালয় বৰ সন্তুষ্ট হৈছিল আৰু মন্তব্য কৰিছিলঃ “We think it necessary to state here that Mr Nariman had courageously lived up to the highest standard of the Bar.” উচ্চতম ন্যায়ালয়ৰ পৰা এনে প্ৰশংসা পোৱাটো ইমান সহজ কথা নহয়। নাৰিমান এজন সুলেখকো আছিল।

তেওঁৰ কেইখনমান গুৰুত্বপূৰ্ণ কিতাপ হ’ল, India’s Legal System: Can it be Saved, Before Memory Faces-an autobiography, God Saves The Hon’ble Supreme Court, The State Of The Nation আৰু You Must Know Your Constitution। শেষৰ কিতাপখন মাত্ৰ কেইমাহমান আগতে প্ৰকাশ পাইছিল। নাৰিমানে প্ৰায়ে কৈছিল না সংসদ সাৰ্বভৌম না উচ্চতম ন্যায়ালয় সাৰ্বভৌম? সংসদো সাৰ্বভৌম নহয় উচ্চতম ন্যায়ালয়ো সাৰ্বভৌম নহয়। সাৰ্বভৌম হ’ল ভাৰতৰ সংবিধান। সংবিধানৰ ওপৰত কোনো নাই। কিন্তু, কোনো এখন আইন ঠিক নে বেঠিক সেই সন্দৰ্ভত চূড়ান্ত ৰায় দিয়াৰ কৰ্তৃত্ব কিন্তু কেৱল উচ্চতম ন্যায়ালয়ৰহে।

তেওঁ উচ্চতম ন্যায়ালয় সম্পৰ্কে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল, “The Citadel Never Falls Except From Within”, অৰ্থাৎ উচ্চতম ন্যায়ালয়ে নিজে নিজৰ ক্ষতি নকৰিলে বাহিৰৰ পৰা কোনেও উচ্চতম ন্যায়ালয়ৰ ক্ষতি কৰিব নোৱাৰে। ডেকা উকীল সকললৈ দিয়া নাৰিমানে দিয়া পৰামৰ্শও বৰ গুৰুত্বপূৰ্ণ আছিল। তেওঁ কৈছিল- আদালতত কেতিয়াও খং নকৰিবা, খং কৰিলে তোমাৰ মক্কেলৰহে ক্ষতি হ’ব, আইনৰ উদ্ধৃতি দিওঁতে বা আদালতত কিবা এটা তথ্য দিওঁতে কেতিয়াও ভুল কৰিব নালাগে যাতে বিচাৰকে তোমাক বিশ্বাসত লয়, নিজৰ গোচৰৰ বিষয়ে কেতিয়াও প্ৰচাৰ মাধ্যমত একো ক’ব নালাগে, কিয়নো বিচাৰকজনৰ সেই সুবিধা নাই।নাৰিমানে উদাৰ আৰু মুক্তমনা আছিল।

ভূপাল গেচ দুৰ্ঘটনাত ইউনিয়ন কাৰ্বাইডৰ হৈ ওকলতি কৰাৰ সিদ্ধান্তটো তেওঁ ভুল বুলি কৈছিল। নৰ্মদা বচাও আন্দোলনত তেওঁ গুজৰাট চৰকাৰৰ সপক্ষে ওকলতি কৰাৰ সিদ্ধান্ত লৈছিল যদিও, সেই সময়ত গুজৰাটত খৃষ্টান লোকৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ কৰি তেওঁৰ সিদ্ধান্ত সলনি কৰিছিল। ফালি এচ নাৰিমানৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব তেখেতৰ আদৰ্শৰ প্ৰতি দেখুৱা আনুগত্য।