মই মহাত্মা গান্ধীৰ পিছতেই ৰাজনৈতিকভাৱে বাজপেয়ীক শ্ৰদ্ধা কৰোঁ : প্ৰফুল্ল কুমাৰ মহন্ত

Tribute to Atal Bihari Vajpayee

‘ভাৰতবৰ্ষক সমৃদ্ধিশালী কৰি তুলিবলৈ অটল বিহাৰী বাজপেয়ীয়ে প্ৰচেষ্টা চলাইছিল। ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁৰ প্ৰচেষ্ঠা গুৰুত্বপূৰ্ণ আছিল।’ এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

আজি নগাঁও শ্বহীদ ভৱনত বিজেপিৰ নগা‌ঁও জিলা সমিতি আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মহন্তই কয় যে বাজপেয়ী এগৰাকী নিস্বাৰ্থ ব্যক্তি আছিল।

তেওঁ লগতে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বাজপেয়ীয়ে বিশেষ দৃষ্টি ৰাখিছিল। অসম আন্দোলনৰ সময়তো অসমক যথেষ্ঠ সহায় কৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজপেয়ীয়ে লোৱা বিভিন্ন দিশ উল্লেখ কৰি মহন্তই কয়, ‘এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা যোগাত্মক আছিল। তেওঁ অসমীয়া ভাষা, সংস্কৃতিৰ চেতনাৰ প্ৰতি সন্মান জনাইছিল।’

বাজপেয়ীয়ে মূল্যবোধৰ ৰাজনীতি কৰিছিল বুলি উল্লেখ কৰি মহন্তই আৰু কয়, ‘বাজপেয়ীৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। মই ব্যক্তিগতভাবে মহাত্মা গান্ধীৰ পিছতেই ৰাজনৈতিকভাৱে বাজপেয়ীক শ্ৰদ্ধা কৰোঁ।’

আনহাতে বাজপেয়ীক এগৰাকী ৰসাল ব্যক্তি বুলি উল্লেখ কৰি মহন্তই বাজপেয়ীৰ কবিতা অসমৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে কয় যে বাজপেয়ীয়ে সঁ‌চা অৰ্থত অসমক ভাল পাইছিল। অসম আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে পৰিস্থিতি অধ্যয়ন কৰিবলৈ তেওঁ অসমলৈ আহিছিল। বাজপেয়ীয়ে অসমৰ বাবে কৰা কাম আমি সকলোৱে মনত ৰাখিব লাগিব।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভনিতে বিধায়ক ৰূপক শৰ্মাই বাজপেয়ীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰকাশ কৰি কয়, ‘বাজপেয়ীৰ আদৰ্শ‌ই সকলোকে প্ৰেৰণা যোগাই আহিছে। অসমৰ উন্নয়নৰ বাবে তেওঁ লোৱা পদক্ষেপ অসমবাসীয়ে সদায় মনত ৰখা উচিত।’

দল-মত নিৰ্বিশেষে সকলো নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, বিধায়ক ডিম্বেশ্বৰ দাস, আৰ এছ এছৰ নৱ কুমাৰ বৰুৱা, সাহিত্যিক ড০ দিলীপ বৰুৱা, ৰতিমোহন নাথ আদিয়ে ভাষণ প্ৰদান কৰে।