NORTHEAST NOW (Assamese)

গৌৰীসাগৰত যোগ নিৰীক্ষক সতীনাথ বাৰালৰ প্ৰতিমূৰ্তি দাহ

September 30, 2018 8:57 pm · ৰাজীৱ দত্ত
ফটো : নৰ্থ-ইষ্ট নাও

২৯ ছেপ্তেম্বৰত পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে দৰং জিলাৰ দুনীত এক যোগ শিবিৰত অংশ লৈ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠন জাঙুৰ খাই পৰাৰ সময়তে আজি সন্ধিয়া গৌৰীসাগৰত ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰে পতঞ্জলিৰ যোগ নিৰীক্ষক গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সাংস্কৃতিক মঞ্চটোৰ মুখ্য সংগঠক দাদুল নেওগ আৰু সভাপতি মিন্টু গগৈৰ নেতৃত্বত মঞ্চটোৰ কুৰিজনীয়া সদস্যই গৌৰীসাগৰ তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ন কৰা কাৰ্যসূচীত যোগ গুৰু বাবা ৰামদেৱ মুৰ্দাবাদ, সতীনাথ বাৰাল মুৰ্দাবাদ, মহাপুৰুষ গুৰুজনাৰ বিৰুদ্ধে কৰা বিৰ্তকিত মন্তব্য সহ্য কৰা নহ’ব আদি শ্ল’গানেৰে গৌৰীসাগৰত পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ উপৰি জিলাখনৰ অন্যতম সাংস্কৃতিক মঞ্চ ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ সদস্যসকলে অনাগত দিনত গুৰুজনাৰ বিৰুদ্ধে এনেকুৱা বিৰ্তকিত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।

উল্লেখযোগ্য যে শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়, নামঘোষাত কোনো ভাল কথা নাই, নামঘৰত মিঠাতেল চাকি মূর্খই জ্বলাই বুলি শনিবাৰে মন্তব্য কৰিছিল সতিনাথ বাৰালে।

Related News