ত্ৰিপুৰাত দুৰ্বৃত্তই আক্ৰমণ কৰিলে সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱক, কাঢ়ি নিলে মোবাইল ফোন

ত্ৰিপুৰাত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হ’ল ৰাজ্যসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ।

আজি ত্ৰিপুৰাৰ আঠ খন জিলাত তৃণমূল কংগ্ৰেছে গণসংযোগ কাৰ্যসূচী হাতত হৈছিল।

ৰাজ্য খনৰ আমতলি নামৰ স্থানত সুস্মিতা দেৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়তে দুৰ্বৃত্তই দেৱৰ ওপৰত আক্ৰমণ চলায়।

দুৰ্বৃত্তই সুস্মিতা দেৱৰ গাড়ীত আক্ৰমণ চলোৱাত কেইবাজনো তৃণমূল কৰ্মী আঘাতপ্ৰাপ্ত হয়।

অভিযোগ অনুসৰি দুৰ্বৃত্তই সুস্মিতা দেৱৰ মোবাইল ফোনকে ধৰি বেগ কাঢ়ি লৈ যায়।

তৃণমূল কংগ্ৰেছে অভিযোগ কৰা অনুসৰি এই আক্ৰমণৰ ঘটনাৰ আঁৰত বিজেপিৰ হাত আছে।

উল্লেখ্য ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ভেটি সৱল কৰাৰ অৰ্থে তৃণমূল কংগ্ৰেছে ব্যাপক গণসংযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে।

সেইমৰ্মে ‘দিদিৰ দূত’ নামৰ বাহনত উঠি তৃণমূল নেতা-কৰ্মীসকলে তিনিয়া ভাগত বিভক্ত হৈ ৰাজ্য খনত এই অভিযানত নামি পৰিছে।

সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ কৰাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰলক্ষিত হৈছে।

তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বন্দোপাধ্যায়ে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে।