DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যাদৱপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক আক্ৰমণৰ ঘটনাক গৰিহণা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2019 4:03 pm
Babul-Supriyo-Jadavpur-University-770x433

ছাত্ৰ-ছাত্ৰীৰ মাজত আৱদ্ধ বাবুল সুপ্ৰিয়

1.4k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ক কিছুসংখ্যক ছাত্ৰই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

শুকুৰবাৰে যাদৱপুৰ বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনুষ্ঠিত কৰা এখন ছেমিনাৰত অংশ লবলৈ যোৱাৰ সময়ত বিশ্ববিদ্যালয়খনৰ কিছুসংখ্যক ছাত্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু তেওঁক আবদ্ধ কৰিবলৈ চেষ্টা কৰে।

সমগ্ৰ ঘটনাসন্দৰ্ভত মুখ্য মন্ত্ৰী দেৱে টুইট কৰি কয় যে বিশ্ববিদ্যালয় এখন জ্ঞান আহৰণৰ থলী উগ্ৰ বামপন্থাৰ থলী নহয়। সেই কাৰণে ভাৰতীয় জনসাধাৰণে বামপন্থাক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ ঘটনাক গৰিহণা দিয়ে।

উল্লেখযোগ্য যে, শুকুৰবাৰে বাবুল সুপ্ৰিয়ক যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বামপন্থী ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশ দ্বাৰত প্ৰায় ডেৰ ঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰি থাকিবলৈ বাধ্য কৰিছিল।

বিজেপি নেতাগৰাকীয়ে কিছুসংখ্যক ছাত্ৰই তেওঁক শাৰীৰিকভাৱেও আক্ৰমণ কৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

আনহাতে, তীব্ৰ প্ৰতিবাদৰ পাছতো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত তেওঁ ছেমিনাৰখনত অংশগ্ৰহণ কৰে।

বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উদ্ধাৰৰ বাবে ঘটনাস্থলীত পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধানকাৰো উপস্থিত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

Recent News

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd