বিমান বন্দৰ সম্প্ৰসাৰণৰ বাবে বাংলাদেশক প্ৰায় ১ কিলোমিটাৰ ভূমি বিচাৰি ত্ৰিপুৰাৰ অনুৰোধ

Biplab Kumar Deb

বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মঙলবাৰে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে বাংলাদেশ চৰকাৰৰ ওচৰলৈ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰৰ ৰানৱে সম্প্ৰসাৰণৰ বাবে ভূমিৰ অনুমোদন বিচাৰি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে বিমান বন্দৰটো ভাৰত আৰু বাংলাদেশ সীমান্তত অৱস্থিত হোৱা বাবে বাংলাদেশৰ যাত্ৰীসকলেও ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

‘‘কিন্তু ডাঙৰ বিমান অৱতৰণৰ বাবে আনি ইয়াৰ ৰানৱেটোৰ সম্প্ৰসাৰণ কৰিব লাগিব’’ দেৱে উল্লেখ কৰে।

আনহাতে, তেওঁ কেন্দ্ৰ চৰকাৰৰ ওচৰলৈও এটা প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰ চৰকাৰে বাংলাদেশৰ সৈতে বিমান বন্দৰটোৰ সম্প্ৰসাৰণৰ বাবে ভূমি দিয়াৰ প্ৰসংগত আলোচনা কৰক।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিমান বন্দৰটো সম্পূৰ্ণৰূপে সম্প্ৰসাৰণ কৰিব পাৰিলে ভাৰতৰ লগতে বাংলাদেশো উপকৃত হ’ব।

তদুপৰি, প্ৰতিবছৰে বহুসংখ্যক বাংলাদেশী নাগৰিকে ত্ৰিপুৰা আৰু ত্ৰিপুৰা হৈ ভাৰতৰ অন্য প্ৰান্ত ভ্ৰমণ কৰিবলৈ যোৱাৰ প্ৰসংগ উল্লেখ কৰি দেৱে কয় যে যদিহে আমি সম্প্ৰসাৰিত ৰানৱে নিৰ্মাণ কৰিবলৈ সক্ষম হও তেতিয়া এম বি বি বিমানবন্দৰটোৰ জৰিয়তে দুয়োখন দেশৰ লাভ হ’ব।

‘‘বিমানবন্দৰটোৰ ৰানৱে নিৰ্মাণ কৰাৰ বাবে বাংলাদেশৰ ভূভাগৰ ১ কিলোমিটাৰতকৈও কম ভূখণ্ডৰ প্ৰয়োজন, যদিহে বাংলাদেশ চৰকাৰে অনুমতি দিয়ে তেন্তে বিমানবন্দৰটো সম্পূৰ্ণৰূপে হৈ উঠিব’’- বিপ্লৱ কুমাৰ দেৱে কয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, এই সন্দৰ্ভত চৰকাৰে প্ৰেৰণ কৰা কাৰিকৰী প্ৰস্তাৱ এতিয়াও বাংলাদেশ চৰকাৰৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে।

ত্ৰিপুৰাৰৰ এম বি বি বিমান বন্দৰটোক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে ৪৩৮ কোটি টকা ব্যয় সাপেক্ষে কাম কৰি থকা হৈছে।

প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিলে আগৰতলাৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে অন্যান্য চহৰ যেনে চিতাংগঙ, ছিলেট আদিলৈ বিমান যাত্ৰা আৰম্ভ হ’ব।