• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্যত নিষিদ্ধ কৰিলে পশু বলি

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , September 28, 2019 7:35 am

2 min read

tripura high court

ত্ৰিপুৰা উচ্চ ন্যায়ালয়

13.6k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে ৰাজ্যখনত জীৱ-জন্তু বলি দিয়া নিষিদ্ধ বুলি ৰায়দান দিয়ে।

আনহাতে, ন্যায়ালয়ে ৰাজ্যখনৰ মন্দিৰ সমূহকো জীৱ-জন্তু বলি নিদিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ অৰিন্দম লোধেৰে গঠিত বিচাৰপীঠে শুকুৰবাৰে এই ঐতিহাসিক ৰায়দান দিয়ে।

ন্যায়ালয়ৰ এই নিৰ্দেশ অতিশীঘ্ৰে ত্ৰিপুৰাৰ মন্দিৰৰ লগতে বলি বিধান প্ৰচলিত সকলো ধৰ্মীয় স্থানতে লাঘু কৰা হ’ব।

উল্লেখযোগ্য যে, ২০১৮ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ সুভাষ ভট্টাচাৰ্য্যই ত্ৰিপুৰাৰ বিভিন্ন দেৱালয়ত হৈ থকা বলি বিধান ৰোধ কৰাৰ বাবে এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰে।

‘‘ত্ৰিপুৰাৰ বিভিন্ন মঠ-মন্দিৰত বহু শতিকাৰ পৰা জীৱ-জন্তুক বলি দি অহা হৈছে,’’ ভট্টাচাৰ্য্যই আবেদনখনত উল্লেখ কৰে।

আবেদনখনত ভট্টাচাৰ্য্যই এসময়ত মন্দিৰ সমূহত নৰ বলিৰ কথা উল্লেখ কৰি যদিহে নৰ বলি বন্ধ হ’ব পাৰে তেন্তে জীৱ-জন্তুৰ বলি কিয় বন্ধ হ’ব নোৱাৰে বুলি প্ৰশ্ন কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথোপকথনত ভট্টাচাৰ্য্যই কয় ‘‘উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতো বহু ঠাইত বলি প্ৰথা চলি থাকিব কিন্তু আমি তেওঁলোকক এই সম্পৰ্কে সজাগ কৰিব লাগিব।’’

ত্ৰিপুৰাৰ মহাধিবক্তা অৰুণ কান্তি ভৌমিকে ন্যায়ালয়ৰ ৰায়দান সম্পৰ্কে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সৈতে আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

‘‘ন্যায়ালয়ৰ বলি প্ৰথা বন্ধ কৰা সন্দৰ্ভত দিয়া ৰায়দানৰ সৈতে মানুহৰ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে, যদিহে ত্ৰিপুৰা চৰকাৰে বিচাৰে বিষয়টো উচ্চতম ন্যায়ালয়লৈ যাব,’’ ভৌমিকে কয়।

 

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd