তুৰা সমষ্টিত শলঠেকত আগাথা চাংমা : মুকুল চাংমাক সমৰ্থন গাৰো সংগঠনৰ

Garo-750x375

জিএইচএছএমচিৰ অধ্যক্ষ নিকমেন চিএইচ মাৰাকে সভাত ভাষণ দিয়াৰ মুহূৰ্তত।

মেঘালয়ৰ গাৰো হিলছ ষ্টেট মুভমেন্ট কমিটি ( জিএইচএছএমচি) আৰু গাৰো নেশ্যনেল কাউন্সিল (জিএনচি) সংগঠন দুটাই আসন্ন লোকসভা নিৰ্বাচনত তুৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মুকুল চাংমাক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰে চকপটৰ ৰুগা ডনি বাজাৰত অনুষ্ঠিত এখন সভাত ভাষণ দি জিএইচএছএমচিৰ অধ্যক্ষ নিকমেন চিএইচ মাৰাকে কয় যে তেওঁলোকে তুৰাত এনপিপি প্ৰাৰ্থী আগাথা চাংমাক সমৰ্থন নকৰে কিয়নো তেওঁৰ পিতৃ পি এ চাংমাই তেওঁলোকক প্ৰতাৰণা কৰিছিল।

‘’প্ৰয়াত পি এ চাংমাই মাত্ৰ এবাৰহে সুকীয়া গাৰোলেণ্ড ৰাজ্যৰ বিষয়টো উত্থাপন কৰাৰ বাহিৰে বাকী মনে মনে আছিল। বিগত নিৰ্বাচনত আমি এনপিপিক সমৰ্থন কৰিছিলো কিন্তু এইবাৰ আমি এনপিপি প্ৰাৰ্থী আগাথা চাংমাক সমৰ্থন নিদিও কিয়নো তেওঁৰ পিতৃ পি এ চাংমাই আমাক প্ৰতাৰণা কৰিছিল। আমি তেওঁলোকক আমাক পুনৰ মুৰ্খ সজাবলৈ নিদিও,’-জিএইচএছএমচিৰ অধ্যক্ষ মাৰাকে কয়।

কংগ্ৰেছে তুৰা সমষ্টিত ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে এনপিপিয়ে আগাথা চাংমাক প্ৰাৰ্থিত্ব দিছে।

তেওঁ লগতে কয় যে যদি এনপিপি জয়ী হয়, ই পুনৰ বিজেপিক বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক অনাত সহায় কৰিব কিয়নো দলটো এডিএ চৰকাৰৰ সহযোগী দল হিচাপে আছে।

‘’সেয়েহে এইবাৰ আমি কংগ্ৰেছ প্ৰাৰ্থী মুকুল চাংমাক আমাৰ সমৰ্থন আগবঢ়াবলৈ সিদ্ধান্ত লৈছো,’’-মাৰাকে লগতে কয়।

ইয়াৰ পূৰ্বে চকপট বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়কগৰাকীৰ সৈতে গাৰো নেশ্যনেল কাউন্সিলৰ সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।