• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 1:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লছ এঞ্জেলছত ২০০০ নেশ্যনেল গাৰ্ডমেন মোতায়েন কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত চলোৱা অভিযানৰ ফলত সৃষ্টি হোৱা অশান্তিৰ মোকাবিলা কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ঘটনাই সমগ্ৰ কেলিফৰ্ণিয়াত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।

শনিবাৰে দ্বিতীয় দিনৰ বাবে অশান্তিৰ সাক্ষী হৈ পৰে লছ এঞ্জেলছ। পেৰামাউণ্ট জিলাৰ লেটিন প্ৰধান অঞ্চলত ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ ফেডাৰেল এজেণ্টৰ সৈতে বাসিন্দাসকলৰ সংঘৰ্ষ হয়। কন্দুৱা গেছ আৰু লাঠিৰ সহায়ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়া হয়। এই সপ্তাহত আইচিইৰ অভিযানত লছ এঞ্জেলছত মুঠ ১১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত শুকুৰবাৰে ৪৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

বৰ্ডাৰ জাৰ টম হোমেনে ফক্স নিউজক কয় যে আমি লছ এঞ্জেলছক অধিক সুৰক্ষিত কৰি তুলিছো। তেওঁ লগতে কয় যে অধিক শক্তি অনা হৈছে আৰু আজি ৰাতি নেচনেল গাৰ্ড অনা হ’ব। আমি আমাৰ কাম অব্যাহত ৰাখিম। হিংসা বা ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতিৰ বিষয়ে তেওঁ সকীয়াই দিয়ে।

এফ বি আইৰ উপ-সঞ্চালক ডেন বংগিনোৱে এক্সত এটা পোষ্টত প্ৰতিবাদকাৰীক সকীয়াই দি কয় যে, “আপুনি যদি বিশৃংখলতা আনে, আমি হেণ্ডকাফ আনিম। আইন-শৃংখলাই প্ৰাধান্য পাব।” তেওঁ অভিযানত ব্যাঘাত জন্মোৱাৰ বাবে একাধিক গ্ৰেপ্তাৰ হোৱাৰ কথা উল্লেখ কৰে।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথেও এক্সত লিখিছে যে তেওঁৰ বিভাগে  লছ এঞ্জেলছৰ ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাক সহায় কৰিবলৈ তাৎক্ষণিকভাৱে নেশ্যনেল গাৰ্ড নিয়োগ কৰিছে। তেওঁ লগতে কয় যে যদি হিংসা অব্যাহত থাকে তেন্তে কেম্প পেণ্ডেলটনত সক্ৰিয় কৰ্তব্যৰত মেৰিনসকলকো সংগঠিত কৰা হ’ব; তেওঁলোক হাই এলাৰ্টত আছে।

কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে এই অভিযানক “নিষ্ঠুৰ” বুলি গৰিহণা দিয়ে। শনিবাৰে ট্ৰাম্পৰ সৈতে প্ৰায় ৪০ মিনিট সময় কথা পাতিছিল বুলি তেওঁৰ মুখপাত্ৰই চিবিএছ নিউজক জনায়। তেওঁলোকৰ কথা-বতৰাৰ সবিশেষ তাৎক্ষণিকভাৱে পোৱা নগ’ল।

গৱৰ্ণৰ নিউছমে কয় যে ফেডাৰেল চৰকাৰে কেলিফৰ্ণিয়া নেশ্যনেল গাৰ্ডৰ পৰা ২০০০ সেনা নিয়োগ কৰাৰ পদক্ষেপ ইচ্ছাকৃতভাৱে উত্তেজক, আৰু ই কেৱল উত্তেজনা বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে লছ এঞ্জেলছ কৰ্তৃপক্ষই ক্ষন্তেকতে আইন প্ৰয়োগকাৰী সংস্থাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম।

লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে আইচিইয়ে সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উত্তৰত এফ বি আই আৰু হোমলেণ্ড ছিকিউৰিটিৰ মুৰব্বীসকলে কয় যে মেয়ৰৰ এই মন্তব্যই ফেডাৰেল এজেণ্টসকলক বিপদত পেলাইছে।

পেৰামাউণ্ট বহুলাংশে শান্ত হৈছে যদিও প্ৰতিবাদকাৰী আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে। কন্দুৱা গেছ আৰু ধোঁৱাৰে বতাহ গধুৰ হৈ পৰিছে। স্থানীয় আৰক্ষীয়ে অহৰহ ফ্লেছ বেং আৰু কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ চেষ্টা চলাই আছে।

চুবুৰীয়া আৰু প্ৰতিবাদকাৰীসকলে জনায় যে অনুপ্ৰৱেশকাৰীসকল আবদ্ধ হৈ আছে আৰু ওলাই আহিবলৈ ভয় কৰিছে। পেৰামাউণ্টৰ জনসংখ্যাৰ ৮০ শতাংশতকৈ অধিক  হিস্পানিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd