• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণিজ্য যুদ্ধৰ সূচনা! এইবাৰ ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক আৰোপৰ ভাবুকি ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 2:21 pm
107
VIEWS
Share on FacebookShare on Twitter

ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক ঘোষণা কৰাৰ ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে কেতিয়া এই কৰ আৰোপ কৰা হ’ব সেই কথা তেওঁ কোৱা নাই যদিও “অতি সোনকালে” হ’ব বুলিও তেওঁ কয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে স্থানীয় সময় অনুসৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে ইউৰোপীয় ইউনিয়নৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো আমেৰিকাৰ শুল্ক অতি সোনকালে কাৰ্যকৰী হ’ব।

ট্ৰাম্পে কয়, ‘কাৰণ তেওঁলোকে (ইউৰোপীয় ইুনিয়নে) সঁচাকৈয়ে আমাৰ সুবিধা লৈছে। আমাৰ ঘাটি ৩০০ বিলিয়ন ডলাৰতকৈও অধিক। তেওঁলোকে আমাৰ গাড়ী নলয়, আমাৰ কৃষিজাত সামগ্ৰীও নলয়। প্ৰায় একোৱেই নলয়। কিন্তু আমি তেওঁলোকৰ পৰা সকলো লওঁ – লাখ লাখ গাড়ী, বিপুল পৰিমাণৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী।”

তেওঁ লগতে কয় যে মই সময়সীমা ক’ব নোৱাৰো, কিন্তু ই (শুল্ক) অতি সোনকালে হ’বলৈ গৈ আছে।’

ইতিমধ্যে ট্ৰাম্পে আমেৰিকাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত শুল্ক আৰোপ কৰিছে। স্থানীয় সময় অনুসৰি শনিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক ৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। আৰু এইবাৰ তেওঁ ইউৰোপকলৈও একেই বাৰ্তা দিলে।

ইফালে ইউৰোপীয় ইউনিয়নে ট্ৰাম্পৰ এই ভাবুকিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তিনিওখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক সমালোচনা কৰি ইউৰোপীয় ইউনিয়নৰ এগৰাকী মুখপাত্ৰই কয় যে ‘’কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত শুল্ক আৰোপ কৰাৰ আমেৰিকাৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক। যিকোনো শুল্কই অপ্ৰয়োজনীয়ভাৱে অৰ্থনৈতিক অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। ইউৰোপীয় সামগ্ৰীৰ ওপৰত অপ্ৰয়োজনীয় শুল্ক আৰোপ কৰিলে আমিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি এতিয়ালৈকে কোনো অতিৰিক্ত শুল্কৰ কথা শুনা নাই।’’

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে ইউৰোপীয় ইুনিয়নৰ নেতাসকলে বৈঠকত মিলিত হ’ব আৰু ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বিষয়ে আলোচনা কৰিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd