• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাণিজ্য যুদ্ধৰ সূচনা! এইবাৰ ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক আৰোপৰ ভাবুকি ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2025 2:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপীয় ইউনিয়নৰ ওপৰতো শুল্ক ঘোষণা কৰাৰ ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে কেতিয়া এই কৰ আৰোপ কৰা হ’ব সেই কথা তেওঁ কোৱা নাই যদিও “অতি সোনকালে” হ’ব বুলিও তেওঁ কয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে স্থানীয় সময় অনুসৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে ইউৰোপীয় ইউনিয়নৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো আমেৰিকাৰ শুল্ক অতি সোনকালে কাৰ্যকৰী হ’ব।

Apply Now

ট্ৰাম্পে কয়, ‘কাৰণ তেওঁলোকে (ইউৰোপীয় ইুনিয়নে) সঁচাকৈয়ে আমাৰ সুবিধা লৈছে। আমাৰ ঘাটি ৩০০ বিলিয়ন ডলাৰতকৈও অধিক। তেওঁলোকে আমাৰ গাড়ী নলয়, আমাৰ কৃষিজাত সামগ্ৰীও নলয়। প্ৰায় একোৱেই নলয়। কিন্তু আমি তেওঁলোকৰ পৰা সকলো লওঁ – লাখ লাখ গাড়ী, বিপুল পৰিমাণৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী।”

তেওঁ লগতে কয় যে মই সময়সীমা ক’ব নোৱাৰো, কিন্তু ই (শুল্ক) অতি সোনকালে হ’বলৈ গৈ আছে।’

ইতিমধ্যে ট্ৰাম্পে আমেৰিকাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত শুল্ক আৰোপ কৰিছে। স্থানীয় সময় অনুসৰি শনিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু চীনৰ পৰা অহা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১০ শতাংশ শুল্ক ৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। আৰু এইবাৰ তেওঁ ইউৰোপকলৈও একেই বাৰ্তা দিলে।

ইফালে ইউৰোপীয় ইউনিয়নে ট্ৰাম্পৰ এই ভাবুকিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তিনিওখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক সমালোচনা কৰি ইউৰোপীয় ইউনিয়নৰ এগৰাকী মুখপাত্ৰই কয় যে ‘’কানাডা, মেক্সিকো আৰু চীনৰ ওপৰত শুল্ক আৰোপ কৰাৰ আমেৰিকাৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক। যিকোনো শুল্কই অপ্ৰয়োজনীয়ভাৱে অৰ্থনৈতিক অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। ইউৰোপীয় সামগ্ৰীৰ ওপৰত অপ্ৰয়োজনীয় শুল্ক আৰোপ কৰিলে আমিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমি এতিয়ালৈকে কোনো অতিৰিক্ত শুল্কৰ কথা শুনা নাই।’’

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে ইউৰোপীয় ইুনিয়নৰ নেতাসকলে বৈঠকত মিলিত হ’ব আৰু ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বিষয়ে আলোচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd