NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত TikTok আৰু WeChat এপ বন্ধ কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2020 2:18 pm
Donald-Trump-640x375-1

দীৰ্ঘ দিনীয়া চিন্তা-চৰ্চাৰ অন্তত অৱশেষত আমেৰিকাত TikTok   আৰু WeChat এপ বন্ধ কৰাৰ নিৰ্দেশ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।

আজি এক নিৰ্দেশনা যোগে ট্ৰাম্পে কয় যে TikTok   আৰু WeChat এপে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক সুৰক্ষাৰ দিশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

সেয়ে অহা ৪৫ দিনৰ ভিতৰত আমেৰিকাৰ ডিজিটেল নেটৱৰ্কৰ পৰা সম্পূৰ্ণ ভাৱে এই এপ দুটা আঁতৰাই পেলোৱা হ’ব।

উল্লেখ্য TikTok   আৰু WeChat এপ  দুটা পৰিচালনা কৰি আহিছে ক্ৰমে ByteDance আৰু Tencent নামৰ প্ৰতিষ্ঠান দুটাই।

TikTok এপ বিশ্বৰ আন বহু দেশৰ দৰেই আমেৰিকাতো অতি জনপ্ৰিয় এপ।

কেৱল আমেৰিকাতে TikTok এ বছৰি বহু কোটি টকাৰ ব্যৱসায় কৰি আহিছে।

একেদৰে WeChat নামৰ এপ টোৰ জৰিয়তে মোবাইল ফোনৰ সহায়ত ধনৰ সৰবৰাহ কৰিব পৰা যায়।

WeChat এপৰ জৰিয়তে চীনে আমেৰিকাৰ বহু বিত্তীয় তথ্য হস্তগত কৰা বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে অভিযোগ কৰি আহিছে।

চীনৰ কমিউনিষ্ট পাৰ্টীয়ে এই এপ কেইটাৰ জৰিয়তে আমেৰিকাৰ বহু গোপন তথ্য লাভ কৰি থকা বুলি ট্ৰাম্পে মুকলি কৈয়ে কৈ আহিছে।

এনে পৰিস্থিতিত এপ দুটা নিষিদ্ধ কৰাৰ বাদে আমেৰিকাৰ হাতত কোনো বিকল্প নাছিল বুলি হোৱাইট হাউচৰ সূত্ৰই প্ৰকাশ কৰিছে।