ফেচবুক, টুইটাৰত নিষিদ্ধ! এইবাৰ ডণাল্ড ট্ৰাম্পে নিজাকৈ খুলি ল’লে তেওঁৰ যোগাযোগ মাধ্যম

জানুৱাৰীত কেপিটল হিলত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছতে টুইটাৰ, ইউটিউব আৰু ফেচবুকত নিষিদ্ধ হৈছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্প।

নিষিদ্ধ হোৱাৰ কেইবামাহো অতিক্ৰম কৰাৰ পাছত ট্ৰাম্পে এইবাৰ নিজাকৈ এটা যোগাযোগ মাধ্যম মুকলি কৰিছে।

সামাজিক মাধ্যমকেইটাৰ পৰা নিষিদ্ধ হোৱাৰ পাছত ট্ৰাম্পে প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে নিজৰ মতামত প্ৰকাশ কৰি আহিছিল।

বুধবাৰে মুকলি কৰা যোগাযোগ মাধ্যম তথা ৱেবচাইটটোৰ নাম ৰাখিছে- ‘ফ্ৰম দা ডেস্ক অৱ ডণাল্ড জে. ট্ৰাম্প’ (From the Desk of Donald J. Trump)।

এই ৱেবচাইটটোৰে ট্ৰাম্পে ফটো, ভিডিঅ’, কমেণ্ট আৰু বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য প্ৰকাশ কৰিব পাৰিব।

ৱেবচাইটটোৰ ব্যৱহাৰকাৰীসকলে ট্ৰাম্পৰ প’ষ্টসমূহ লাইক কৰিব পাৰিব।

তদুপৰি ফেচবুক আৰু টুইটাৰযোগেও এইসমূহ শ্বেয়াৰ কৰিব পাৰিব।

কিন্তু প’ষ্টসমূহত ব্যৱহাৰকাৰীসকলে কমেণ্ট অথবা ৰিপ্লাই কৰিব নোৱাৰিব।

ৱেবচাইটটো ট্ৰাম্পৰ প্ৰাক্তন কেম্পেইন মেনেজাৰ ব্ৰেড পাৰ্স্কেলে সাজি উলিওৱা ‘কেম্পেইন নিউক্লিয়াছ’ নামৰ ডিজিটেল চাৰ্ভিচেছ কোম্পানীটোৱে তৈয়াৰ কৰিছে।