• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 8:55 am
115
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ যৌথ সংবাদমেলৰ অন্ত পৰিছে। অৱশ্যে এই সংবাদমেলৰ পৰা মীমাংসাৰ খবৰ সামান্যহে আহিল।

শুকুৰবাৰে আমেৰিকাৰ আলাস্কাৰ এংকৰেজ চহৰৰ এলমেনডৰ্ফ-ৰিচাৰ্ডছন সামৰিক ঘাটিত তিনি ঘণ্টীয়া বৈঠকত মিলিত হয় দুয়োগৰাকী নেতাই। বৈঠকৰ শেষত সংবাদমেলখন প্ৰতীক্ষিত আছিল।

Apply Now

কিন্তু ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত এই সংবাদমেলত কোনো নিৰ্দিষ্ট পদক্ষেপ ঘোষণা কৰা হোৱা নাই।

ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে প্ৰায় তিনি ঘণ্টীয়া দীঘলীয়া বৈঠকৰ অন্তত পুটিনৰ সৈতে যৌথ সংবাদমেলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁলোকৰ বৈঠক অতি ফলপ্ৰসু। অৱশ্যে কিছু সমস্যা এতিয়াও সমাধানৰ বাবে বাকী আছে।

ট্ৰাম্পে কয়, “আমাৰ হাতত ভৱিষ্যতে অগ্ৰগতি লাভ কৰাৰ এক অতি উত্তম সুযোগ আছে।” আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি আৰু নাটোৰ মিত্ৰ দেশসমূহৰ সৈতে কথা পাতিব। চুক্তিখন “অৱশেষত” তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁলোকে সন্মতি দিব লাগিব।

চুক্তি নোহোৱালৈকে কোনো চুক্তি নাই বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে কয়, “উল্লেখযোগ্য অগ্ৰগতি হৈছে। কিন্তু আমি চূড়ান্ত পৰ্যায়ত উপনীত হোৱা নাই।”

যৌথ সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে তেওঁৱো ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে “আন্তৰিকতাৰে আগ্ৰহী”। যুদ্ধক “ট্ৰেজেডী” বুলি অভিহিত কৰি তেওঁ কয় যে যুদ্ধৰ অন্ত পেলাবলৈ হ’লে এই যুদ্ধৰ “মূল কাৰণ”বোৰ নাইকিয়া কৰিব লাগিব।

এই বৈঠকৰ কেন্দ্ৰবিন্দু ইউক্ৰেইনৰ সংঘাত বুলি উল্লেখ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “আমি স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধান বিচাৰিবলৈ এই সংঘাতৰ মূল কাৰণসমূহ আঁতৰাই পেলাব লাগিব।” কিন্তু মূল কাৰণবোৰ বুলি তেওঁ কি বুজাব বিচাৰিছে সেই কথা স্পষ্টকৈ কোৱা নাই।

ভ্লাদিমিৰ পুটিনে কয় যে তেওঁ আশা কৰে ইউক্ৰেইন আৰু ইউৰোপীয়সকলে এনে এটা পথ বাছি ল’ব যিয়ে শান্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নকৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘ট্ৰাম্পক তেওঁৰ শুভকামনাৰ বাবে ধন্যবাদ জনাইছো।’ একে সময়তে তেওঁ কয় যে দুয়োপক্ষই ফলাফলৰ ওপৰত গুৰুত্ব দিব লাগে।

পুটিনে লগতে কয়, ‘ট্ৰাম্পে স্পষ্টভাৱে নিজৰ দেশৰ সমৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু তেওঁ এইটোও বুজি পাইছে যে ৰাছিয়াৰো নিজস্ব স্বাৰ্থ আছে।’

উল্লেখ্য ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সৰ্বাত্মক সামৰিক অভিযান আৰম্ভ কৰে। এই যুদ্ধক লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্কৰ চৰম অৱনতি ঘটে। যুদ্ধক্ষেত্ৰত ৰাছিয়াৰ বাহিনীক প্ৰতিহত কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক বৃহৎ পৰিমাণৰ আধুনিক অস্ত্ৰ যোগান ধৰিছিল। একে সময়তে আমেৰিকা আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহে ৰাছিয়াৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছিল।

তেতিয়াৰ আমেৰিকাৰ বাইডেন প্ৰশাসনে ৰাছিয়াক বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। এই পৰিস্থিতিত চাৰে তিনি বছৰ ধৰি যুঁজ দি থকা ৰাছিয়াই ইউক্ৰেইনৰ এক বৃহৎ অংশ দখল কৰিছে।

সংবাদমেলত দিয়া বক্তব্যত ভ্লাদিমিৰ পুটিনে আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাৰ কথাও কয়। তেওঁ কয় যে কেইবাবছৰ ধৰি আমেৰিকা আৰু ৰাছিয়াৰ মাজত কোনো শীৰ্ষ সন্মিলন হোৱা নাই। দুয়োখন দেশৰ মাজৰ সম্পৰ্কই শীতল যুদ্ধৰ পিছত আটাইতকৈ বেয়া পৰ্যায়ত উপনীত হৈছিল।

২০২০ চনৰ নিৰ্বাচনৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱা হ’লে ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ নহ’লহেঁতেন বুলি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে কৰা দাবীৰ সৈতেও পুটিনে একমত প্ৰকাশ কৰে।

সংঘাতৰ পৰা আলোচনালৈ ঘূৰি অহাৰ সময়ৰ কথা উল্লেখ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে এই বৈঠক বহু আগতেই হ’ব লাগিছিল।

পুটিনে কয় যে তেওঁ আৰু ট্ৰাম্পৰ মাজত কেইবাটাও “মুকলি” ফোনালাপ হৈছিল। ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফেও আলোচনা আগুৱাই লৈ গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd