NORTHEAST NOW (Assamese)

খ্ৰীষ্টমাছৰ ভিতৰত আফগানিস্তানৰ পৰা নিজ দেশলৈ উভতি আহিব মাৰ্কিন সেনা : ড’নাল্ড ট্ৰাম্প

October 8, 2020 5:32 pm · এন ই নাও নিউজ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা ৰবাৰ্ট অ’ব্ৰেইনে আমেৰিকাই আফগানিস্তানৰ পৰা ২০২১ চনৰ ভিতৰত ২৫০০ সৈন্য হ্ৰাস কৰিব বুলি কৰা মন্তব্যৰ পাছতে নিজৰ মত প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

”আফগানিস্তানত থকা আমেৰিকাৰ সৈন্য বাহিনী খ্ৰীষ্টমাছৰ ভিতৰত নিজ গৃহলৈ উভতি আহিব,” মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইদৰে টুইট কৰে।

আমেৰিকা আৰু তালিবানৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি আফগানিস্তানত থকা বিদেশী সেনা বাহিনীয়ে ২০২১ চনৰ ভিতৰত আফগানিস্তান এৰিব লাগিব।

ওছামা বিন লাডেনে আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পাছতে আমেৰিকাই আফগানিস্তানত আক্ৰমণ সংঘটিত কৰিছিল।

তালিবান আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজত হোৱা যুদ্ধত তালিবান পৰাস্ত হোৱাৰ লগতে বহু সংখ্যক আমেৰিকান সৈন্যৰ মৃত্যু ঘটিছিল।

চলিত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে আমেৰিকাৰ সৈন্য বাহিনীক নিজ দেশলৈ ওভটাই আনিবলৈ সক্ষম হ’লে সেয়া ট্ৰাম্পৰ বাবে এক ডাঙৰ প্ৰাপ্তি হ’ব।

Related News