• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেচবুক পোষ্টৰ খলকনি; আলফাৰ পৰা বহিস্কাৰ জীতেন দত্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 8, 2020 5:49 pm

2 min read

Jiten-Dutta

জিতেন দত্ত।

305
VIEWS
Share on FacebookShare on Twitter

আলফা নেতা জীতেন দত্তৰ বিৰুদ্ধে সতীৰ্থ হত্যা, নাৰী নিৰ্যাতন, ক’লা ব্যৱসায় ইত্যাদিৰ লগত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

বিপ্লৱজ্যোতি মহন নামধাৰী এক ফেইচবুক একাউন্টৰ পৰা ধাৰাবাহিকভাৱে এই অভিযোগসমূহ আনিছিল।

তাৰ পাছতে এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত কাকপথাৰত অনুষ্ঠিত হৈছিল এক ৰাইজমেল।

সেই ৰাইজমেলত ৰহস্যজনকভাৱে উপস্থিত নাছিল আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। সেয়েহে উক্ত ৰাইজমেলতে উত্থাপন হৈছিল জীতেন দত্তক সামাজিকভাবে বৰ্জনৰ দাবী।

আলফাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালে অনুষ্ঠিত কৰিছিল এই ৰাইজমেল।

ইয়াৰ পাছতেই জীতেন দত্তক আলফাৰ প্ৰাথমিক সদস্য পদ তথা বিষয়বাবৰ পৰা বহিস্কাৰ কৰিছে আলফাৰ কেন্দ্ৰীয় নেতৃত্বই।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক বৈঠকত কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিয়ে তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে কয় ‘বিভিন্ন প্ৰচাৰ মাধ্যমত জীতেন দত্ত সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পাছতো তেওঁ পলায়নবাদী মনোভাব গ্ৰহণ কৰি ৰাজহুৱা সভাত অনুপস্থিত থকা, দলীয় শৃংখলা ভংগ কৰি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰা, নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে স্বীকাৰোক্তি প্ৰদান কৰাৰ বাবেই তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিল কৰা হৈছে।‘

ইয়াৰোপৰি, আজিৰ এই বৈঠকতে জোন ভুঞাৰো প্ৰাথমিক সদস্য পদ বাতিল কৰি দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd