NORTHEAST NOW (Assamese)

‘পুৰুষৰ প্ৰৱেশ নিষেধ!’- এইদৰে মহিলাৰ ক্ৰীড়া শিতানত ট্ৰান্সজেণ্ডাৰ খেলুৱৈৰ অংশগ্ৰহণ নিষিদ্ধ ড’নাল্ড ট্ৰাম্পৰ

February 6, 2025 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

এতিয়াৰ পৰা ট্ৰান্সজেণ্ডাৰ খেলুৱৈয়ে আৰু মহিলা ক্ৰীড়াত অংশগ্ৰহণ কৰিব নোৱাৰিব! এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰে। বুধবাৰেও এই সন্দৰ্ভত এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে।

বুধবাৰে হোৱাইট হাউছত এই নতুন কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে ট্ৰাম্পে। তেওঁৰ লগত আছিল কেইবাগৰাকীও শিশু আৰু মহিলা খেলুৱৈ। আমেৰিকাৰ সদনৰ অধ্যক্ষ মাইক জনছন আৰু কংগ্ৰেছী মাৰ্জাৰী গ্ৰীণকে ধৰি ৰিপাব্লিকান দলৰ শীৰ্ষ নেতাসকলো উপস্থিত থাকে। কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে বিজয়ী হাঁহি এটা মাৰি কলে, “আজিৰ পৰা ছোৱালীৰ ক্ৰীড়াৰ বিৰুদ্ধে চলি থকা এখন দীঘলীয়া যুদ্ধৰ অন্ত পৰিল!”

ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে স্পষ্ট কৰি দিলে যে এতিয়াৰ পৰা আমেৰিকাত দুটা লিংগ – পুৰুষ আৰু মহিলাহে চৰকাৰী অভিলেখত থাকিব। ট্ৰাম্পৰ শাসনকালত আন কোনো লিংগ পৰিচয়ে স্বীকৃতি নাপাব! চলিত বৰ্ষৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ট্ৰাম্পে এই বিষয়ত অতি সোনকালে কাৰ্যবাহী আদেশ জাৰি কৰাৰ কথা ঘোষণা কৰে। বিভিন্ন সূত্ৰৰ পৰা জল্পনা-কল্পনা আৰম্ভ হৈছে যে এতিয়াৰ পৰা পাছপৰ্ট, ভিছা, আৰু আন সকলো চৰকাৰী নথি-পত্ৰত পুৰুষ-মহিলা উভয় লিংগৰ কথা উল্লেখ থাকিব। এই নিৰ্দেশনা অনুসৰি চৰকাৰী নীতিত এজন ব্যক্তিৰ শাৰীৰিক ৰূপৰ ওপৰত ভিত্তি কৰিহে লিংগ উল্লেখ কৰা হব।

ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ট্ৰান্সজেণ্ডাৰৰ বাবে চৰকাৰী নথি-পত্ৰত পৃথক লিংগৰ নীতি প্ৰৱৰ্তন কৰিছিল। চাৰি বছৰ পূৰ্বে অভাল অফিচত প্ৰথম দিনাই এই নীতি প্ৰৱৰ্তন কৰিছিল বাইডেনে। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে সেই নীতি সলনি কৰাৰ উদ্যোগ লৈছিল। দৰাচলতে ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় ৫০ শতাংশই সমকামী আৰু ট্ৰান্সজেণ্ডাৰ বিৰোধী অপপ্ৰচাৰেৰে গঠিত আছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণৰ দিনা ৱাশ্বিংটনৰ বিচপ মেৰিয়ান এগডাৰ বাডে ট্ৰাম্পক সমাজত সমকামী আৰু ট্ৰান্সজেণ্ডাৰৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ পোনপটীয়াকৈ আহ্বান জনায়। কিন্তু ট্ৰাম্প, আকোৰগোজে হৈ আছে। সেই পৰিৱেশত এই নিৰ্দেশনাক লৈ বিতৰ্ক আৰম্ভ হৈছে।

Related News