• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত চিএনএন, এমএছ নাও আৰু পলিটিক'ৰ সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰি ডনাল্ড ট্ৰাম্পে আৰোপ কৰা নিষেধাজ্ঞাক অসাংবিধানিক আখ্যা দি পুনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে আমেৰিকাৰ ফেডাৰেল ন্যায়াধীশ টিম কেলীয়ে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 1:36 pm
ফটো: সংগৃহীত

ফটো: সংগৃহীত

26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবে এক বৃহৎ বিপৰ্যয় কঢ়িয়াই আনি আমেৰিকাৰ এখন ফেডাৰেল আদালতে বুধবাৰে নিশা হোৱাইট হাউচত তিনিটা আগশাৰীৰ সংবাদ মাধ্যমৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ জিলা ন্যায়াধীশ টিম কেলীয়ে ট্ৰাম্প প্ৰশাসনে চিএনএন, এমএছ নাও আৰু পলিটিক’ নামৰ সংবাদ মাধ্যমকেইটাৰ সাংবাদিকৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক অসাংবিধানিক বুলি অভিহিত কৰিছে। ন্যায়াধীশগৰাকীয়ে সংবাদ মাধ্যমকেইটাক হোৱাইট হাউচত পুনৰ প্ৰৱেশাধিকাৰ দিবলৈ ট্ৰাম্প প্ৰশাসনক কঠোৰ নিৰ্দেশ প্ৰদান কৰে। যোৱা ১৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰোপ কৰা এই নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই উক্ত তিনিটা সংবাদ প্ৰতিষ্ঠানে দাখিল কৰা গোচৰৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰিছে।

 

Apply Now

ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ কৰিছিল যে এই সংবাদ প্ৰতিষ্ঠানসমূহে ধাৰাবাহিকভাৱে কল্পকাহিনী আৰু মিছা বাতৰি প্ৰকাশ কৰি আহিছে। আনহাতে, আমেৰিকাৰ ন্যায় বিভাগৰ অধিবক্তাসকলে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি এই নিষেধাজ্ঞাক সমৰ্থন কৰিছিল। কিন্তু বুধবাৰে শুনানিৰ সময়ত ন্যায়াধীশ কেলীয়ে ট্ৰাম্প প্ৰশাসনে সংবাদ মাধ্যমকেইটাক হোৱাইট হাউচ চৌহদৰ পৰা বহিষ্কাৰ কৰা আৰু তেওঁলোকৰ প্ৰেছ পাছ বাতিল কৰাৰ পূৰ্বে সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিছিল নে নাই, সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে। তাৎপৰ্যপূৰ্ণভাৱে, ন্যায়াধীশ কেলীক ট্ৰাম্পেই নিযুক্তি দিছিল। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে এই ক্ষেত্ৰত উচিত আইনী প্ৰক্ৰিয়া মানি চলা হোৱা নাছিল। শনিবাৰে হোৱাইট হাউচৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰাৰ পাছতে সংবাদ প্ৰতিষ্ঠানকেইটাই আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনীৰ অধীনত এই গোচৰ ৰুজু কৰিছিল।

 

এই তিনিটা সংবাদ প্ৰতিষ্ঠানৰ প্ৰতি সমৰ্থন জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সংবাদ সংগ্ৰহ কৰা আমেৰিকাৰ পাঁচটা প্ৰধান টেলিভিছন নেটৱৰ্কে ইতিমধ্যে হোৱাইট হাউচৰ ৰোটেটিং প্ৰেছ পুলৰ পৰা নিজকে প্ৰত্যাহাৰ কৰিছে। সংবাদ মাধ্যমকেইটাৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা থিয়োডৰ বাউট্ৰাছে কয় যে বৰ্তমান পৰিস্থিতি অতিশয় জৰুৰী, কিয়নো দেশখন যুদ্ধত লিপ্ত হৈ আছে আৰু বিশ্বৰ নেতাসকল ৱাশ্বিংটনলৈ আহি আছে। ইয়াৰ বিপৰীতে, মঙলবাৰে ট্ৰাম্প প্ৰশাসনে নিজৰ সিদ্ধান্তৰ সপক্ষে যুক্তি দিছিল। আমেৰিকাৰ ন্যায় বিভাগে আদালতত দাখিল কৰা শপতনামাত দাবী কৰিছিল যে হোৱাইট হাউচত প্ৰৱেশাধিকাৰ লাভ কৰাটো এটা বিশেষ সুবিধাহে, কোনো অধিকাৰ নহয়।

 

ন্যায় বিভাগে লগতে যুক্তি দিছিল যে সংবেদনশীল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ তথ্য সুৰক্ষিত কৰিবলৈ হোৱাইট হাউচৰ ব্যক্তিগত শাখাসমূহত প্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আছে। চিএনএনৰ প্ৰতিবেদন অনুসৰি, চৰকাৰী পক্ষই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ইচ্ছানুসৰি যিকোনো সংবাদ মাধ্যমক হোৱাইট হাউচৰ পৰা বাৰণ কৰিব পাৰে বুলিও দাবী কৰিছিল। অৱশ্যে, ফেডাৰেল আদালতৰ শেহতীয়া ৰায়দানে ট্ৰাম্প প্ৰশাসনৰ এই সকলো যুক্তি নাকচ কৰিলে। আদালতৰ নিৰ্দেশৰ পাছত এতিয়া ট্ৰাম্প প্ৰশাসনে এই সংবাদ মাধ্যমকেইটাক পুনৰ হোৱাইট হাউচত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হ’ব আৰু ইয়াৰ পৰৱৰ্তী সময়ত হোৱাইট হাউচ আৰু সংবাদ মাধ্যমৰ সম্পৰ্ক কেনে ৰূপ লয়, সেয়া আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত লক্ষণীয় হৈ পৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd