NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত : বিপদৰ বিশ্বৰ ১২ লাখ শিশুৰ জীৱন

March 27, 2025 6:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2025 5:49 pm

শাসনলৈ আহিয়েই ইটোৰ পিছত সিদ্ধান্ত ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ ট্ৰাম্পৰ আৰু এক ঘোষণাই টোপনি হৰিছে বিশ্ববাসীৰ।

বিশ্বৰ দৰিদ্ৰ দেশসমূহৰ শিশুক টিকাকৰণৰ বাবে কাম কৰা এটা সংস্থা হৈছে ‘গাভি’। বিশ্বৰ দৰিদ্ৰ দেশৰ শিশুসকলৰ টিকাকৰণৰ বাবে গাভিয়ে আমেৰিকাৰ পৰা লাভ কৰি আহিছে বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ কৰা এক ঘোষণাই বিমোৰত পেলাইছে বিশ্বৰ দৰিদ্ৰ দেশসমূহক। গাভিক এতিয়াৰ পৰা আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে।

দ্য টাইমছৰ এক প্ৰতিবেদনত উল্লেখ কৰা ২৮১ পৃষ্ঠাৰ এখন বিশদ স্প্ৰেডশ্বীটে হাজাৰ হাজাৰ বিদেশী সাহায্যৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে। ইয়াত উল্লেখ কৰা মতে, গাভিৰ বাবে আমেৰিকাই প্ৰদান কৰা আৰ্থিক সাহাৰ্য বন্ধ কৰিবলৈ ওলাইছে ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পৰ নতুন পৰিকল্পনা অনুসৰি, ট্ৰাম্প প্ৰশাসনে মেলেৰিয়া প্ৰতিৰোধৰ বাবে থকা কেইবাটাও আাঁচনিত প্ৰদান কৰা আৰ্থিক সাহায্যৰ হ্ৰাস কৰিব। অৱশ্যে এইচ আই ভি আৰু টি বি নিৰাময়ৰ ক্ষেত্ৰত প্ৰদান কৰি অহা সাহায্যৰ পৰিমাণ অব্যাহত থাকিব।

প্ৰতিবেদন অনুসৰি, বিশ্ব স্বাস্থ্য আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত আমেৰিকাৰ যি ভূমিকা আছিল তাৰ পৰা এতিয়া আমেৰিকা যথেষ্ট পিছুৱাই যাব।

এনে হাজাৰ হাজাৰ মানৱীৱ পদক্ষেপৰ ভিতৰত প্ৰশাসনে মাত্ৰ ৮৯৮টা প্ৰকল্প সংৰক্ষণ কৰাৰ লগতে ৫,৩৪১টা প্ৰকল্প বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। এই ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহত গুৰুত্বপূৰ্ণ ভেকচিন প্ৰদান কৰা গাভিয়ে আটাইতকৈ বেছি হেৰুৱাবলগীয়া হৈছে।

সংস্থাটোৱে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ পুঁজি কৰ্তনৰ ফলত অহা পাঁচ বছৰত ৭.৫ কোটি শিশুৱে নিয়মীয়া প্ৰতিষেধক পোৱাৰ পৰা বিৰত থাকিব পাৰে। যাৰ ফলত ১২ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।

গাভিৰ কাৰ্যবাহী বিষয়া ডাঃ ছানিয়া নিষ্টাৰে কয় যে ট্ৰাম্পৰ এই সিদ্ধান্তই কেৱল উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবেই নহয়, বিশ্ব স্বাস্থ্যৰ সামগ্ৰিক স্থিতিশীলতাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

Related News