NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশৰ চৰকাৰী বিষয়াৰ কাণ্ড! ঘৰত সোমাই ৬ বছৰীয়া দলিত নাবালিকাক ধৰ্ষণ, সাৰি নগ’ল বান্ধি থোৱা ছাগলীও

August 16, 2024 5:50 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এগৰাকী চৰকাৰী বিষয়াই ঘৰত প্ৰৱেশ কৰি ছবছৰীয়া দলিত কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি চৰকাৰী বিষয়াগৰাকীয়ে নাবালিকাগৰাকীৰ ঘৰত বান্ধি থোৱা ছাগলীৰ লগতো অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰা বুলি অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে।

ইতিমধ্যে চৰকাৰী বিষয়াজনক নিলম্বন কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উত্তৰ প্ৰদেশৰ বুলন্দশহৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম গজেন্দ্ৰ সিং (৫৭)। তেওঁ বুলণ্ডশ্বহৰৰ শিকাৰপুৰ ব্লকৰ কৃষি উন্নয়ন বিষয়া। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া বিষয়াগৰাকীয়ে ঘৰত প্ৰৱেশ কৰি শিশুটিক ধৰ্ষণ কৰে।

শিশুটিৰ পৰিয়ালৰ মতে গজেন্দ্ৰই প্ৰায়ে চৰকাৰী কামৰ বাবে সেই গাঁওখনলৈ গৈছিল। ঘটনা সংঘটিত হোৱাৰ দিনা পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগত শিশুটিক ধৰ্ষণ কৰে কৃষি উন্নয়ন বিষয়া গজেন্দ্ৰই।

আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে বিষয়াজনক চাকৰিৰ পৰা কৰি আৰক্ষীৰ জিম্মাত লোৱা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয়, “গজেন্দ্ৰই সোমবাৰে সন্ধিয়া ৫ বজাৰ ওচৰত ছোৱালীজনীৰ ঘৰত প্ৰৱেশ কৰে। ছোৱালীজনীৰ পৰিয়ালটো সি ইতিমধ্যে চিনি পাইছিল, গতিকে ঘৰত সোমাবলৈ তাৰ কোনো অসুবিধা হোৱা নাছিল। ইয়াৰ পিছতে শিশুটিক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। চোতালত বান্ধি থোৱা ছাগলীটোকো ধৰ্ষণ কৰে অভিযুক্তই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন যিহেতু চৰকাৰী বিষয়া, সেয়েহে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তও কৰা হ’ব। অভিযুক্তক ক্ষিপ্ৰ শাস্তি দিয়া হ’ব।”

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো এই অপৰাধৰ বিষয়ে অৱগত কৰা হৈছে। তেওঁ জিলা দণ্ডাধীশক ছোৱালীজনীৰ পৰিয়ালক লগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে পৰিয়ালটোক ৮ লাখ ২৫ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

Related News