দেশৰ এটি জনপ্ৰিয় ভক্তিমূলক চেনেলৰ লিংকত ক্লিক কৰিলেই পৰ্দাত ভাঁহি উঠে পৰ্ণ ছবি, তাৰপিছত…

a bhakti watching-porn

দেশৰ টেলিভিছন চেনেলত এতিয়া ভক্তিমূলক চেনেলৰ অভাৱ নাই।

তেনে এটা প্ৰসিদ্ধ ভক্তিমূলক চেনেলৰ লিংকত ক্লিক কৰিলেই পৰ্ণগ্ৰাফীৰ ছবি ভাঁহি উঠাৰ কথাই এতিয়া স্তম্ভিত কৰি তুলিছে বহুলোকক।

শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ এজন লোকে ই-মেইলৰ জৰিয়তে এটা ভক্তিমূলক চেনেলে নিতৌ  পুৱা সম্প্ৰচাৰ  কৰা ভক্তিমূলক অনুষ্ঠান উপভোগ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিছিল।

কিন্তু পুৱাই যেতিয়া লোক জনে ই-মেইলৰ লিংকত ভক্তিমূলক অনুষ্ঠান চাবলৈ  ক্লিক কৰিলে তেতিয়াই কম্পিউটাৰৰ পৰ্দাত ভাঁহি উঠিল অশ্লীল ছবি।

এই দৃশ্য দেখি মূৰে-কপালে হাত দিলে লোক জনে। দক্ষিণ ভাৰতৰ এই জনপ্ৰিয় ভক্তিমূলক চেনেলটো হৈছে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি মন্দিৰৰ  অধীনস্থ শ্ৰীভেংকটেশ্বৰ ভক্তি চেনেল।

চেনেলটোৱে শেহতীয়াকৈ ই-মেইলৰ জৰিয়তে ‘শতনাম ভবতি’  নামৰ এক অনুষ্ঠানৰ জৰিয়তে ভক্তিমূলক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই মৰ্মে বহুলোকে চেনেলটোৰ উক্ত অনুষ্ঠানৰ বাবে ছাবস্ক্ৰাইবো কৰিছে। কিন্তু অনুষ্ঠানত ভক্তিমূলক গীত-মাতৰ সলনি অশ্লীল ছবিহে পৰিবেশন কৰিবলৈ লৈছে।

এই সন্দৰ্ভত বহু দৰ্শকে চেনেলটোৰ অধ্যক্ষ ৱাই ভি চুব্বা ৰেড্ডীক অভিযোগ দাখিল কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে।

শ্ৰীভেংকটেশ্বৰ ভক্তি চেনেলৰ যিজন কৰ্মচাৰীয়ে ই-মেইলৰ লিংকত ভক্তিমূলক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ দায়িত্বত আছিল তেওঁ কামৰ ফাঁকে ফাঁকে পৰ্ণগ্ৰাফী চাই থাকে আৰু সেইবোৰ ডাউনলোড কৰি থয়।

এনেদৰে ভুলতে ভক্তিমূলক গীতৰ সলনি তেওঁ পৰ্ণগ্ৰাফীৰ লিংকহে আপডেট কৰাত ভক্তিমূলক গীতৰ সলনি পৰ্ণগ্ৰাফীহে বিয়পি পৰে।

চেনেল কৰ্তৃপক্ষই ইতিমধ্যে লোক জনক চিনাক্ত কৰি কামৰ পৰা অপসাৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।