• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি পাহাৰত দুৰ্নীতিৰ পোহাৰ! ৪.৪০ কোটিটকীয়া বিলাসী বাহনেৰে বিতৰ্কত তুলিৰাম ৰংহাঙৰ পুত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 10:44 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে তেওঁৰ পুত্ৰৰ এক বিলাসিতাৰ বিস্ফোৰক তথ্য। ভি জি আৰ আৰু পি জি আৰ ভূমি উচ্ছেদৰ দাবীত উত্তাল হৈ থকা কাৰ্বি পাহাৰত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তুলিৰামৰ পুত্ৰ ছিংদং ৰংহাঙে ক্ৰয় কৰা এখন অতি বিলাসী মাৰ্চিডিজ বেঞ্জ বাহন।

প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ছিংদং ৰংহাঙে ৪ কোটি ৪০ লাখ ৩৯ হাজাৰ ৭০০ টকা ব্যয় কৰি এখন ‘মাৰ্চিডিজ বেঞ্জ জি-ক্লাছ’ৰ মডেলৰ বাহন ক্ৰয় কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে, যোৱা ১৬ ফেব্ৰুৱাৰীত ‘চি-ইন-২৫০২১৬১৮০২৩৯৭৫২’ নম্বৰৰ অৰ্ডাৰৰ জৰিয়তে এই বাহনখন বুক কৰা হৈছিল। ‘মেনুফেক্টৰ ছাউথ ছি ব্লু’ ৰঙৰ এই বাহনখনৰ সৈতে অন্যান্য দামী সা-সৰঞ্জামৰ নামতো ব্যয় কৰা হৈছে বৃহৎ পৰিমাণৰ ধন।

Apply Now

কাৰ্বি জনসাধাৰণক বহিৰাগতৰ আগ্ৰাসনৰ মাজলৈ ঠেলি দি নিজৰ পৰিয়ালৰ বাবে এনে ৰাজকীয় বিলাসিতাৰ ব্যৱস্থা কৰাক লৈ জিলাখনৰ চুকে-কোণে এতিয়া প্ৰশ্ন উঠিছে। এজন যুৱকৰ হাতলৈ ইমান বিশাল অংকৰ ধন ক’ৰ পৰা আহিল? ইয়াৰ আঁৰত পিতৃৰ ক্ষমতাৰ অপব্যৱহাৰ নেকি বুলিও প্ৰশ্ন উঠিছে?

শেহতীয়াকৈ প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিয়াৰ পাছত তেওঁ নিজেই বুলডজাৰ চলাই অগ্নিদগ্ধ ঘৰটো চাফ-চিকুণ কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। সচেতন মহলৰ মতে, নিজৰ বাসগৃহত থকা বহু গুৰুত্বপূৰ্ণ তথা গোপন নথিপত্ৰ বা বেআইনী তথ্য লুকুৱাবলৈহে তেওঁ কোনো চৰকাৰী তদন্তৰ পূৰ্বেই এনেদৰে বুলডজাৰ চলাই ধ্বংসাৱশেষ আঁতৰাই পেলাইছে।

দীৰ্ঘদিন ধৰি পৰিষদৰ শাসনত থকা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ নতুন নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা মধুৰ সম্পৰ্কৰ বাবেই তেওঁ নিৰ্ভয়ে এনে বিলাসিতা অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলি চৰ্চা হৈছে। দেশ-বিদেশৰ বিভিন্ন কাৰ্যসূচীত চৰকাৰী প্ৰতিনিধিৰ দৰে উপস্থিত থকা ৰংহাঙৰ পৰিয়ালৰ এই আকাশলংঘী বিলাসিতাই এতিয়া দৰিদ্ৰ কাৰ্বি ৰাইজক উপহাস কৰা বুলিও চৰ্চা চলিছে।

এফালে ভূমি সুৰক্ষাৰ বাবে ৰাইজৰ হাহাকাৰ আৰু আনফালে শাসকীয় পৰিয়ালৰ কোটিটকীয়া বাহনৰ বিলাসিতা এই বিপৰীত ছবিয়ে কাৰ্বি আংলঙৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd