কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিপুল পৰিমাণৰ সম্পত্তি সন্দৰ্ভত ডিফুৰ বিজেপি সাংসদ অমৰছিং টিছ’ই কৰা মন্তব্যক লৈ পাহাৰীয়া জিলাখনৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতে পৰিষদৰ উন্নয়নমূলক পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ জৰিয়তে তদন্তৰ দাবী উত্থাপন কৰিছে ইণ্ডিজেনাছ পিপলছ পাৰ্টীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা এখন ৰাজহুৱা সভাত ডিফুৰ সাংসদ তথা পৰিষদৰ কৃষি, ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং টিছ’ই দাবী কৰিছিল যে তুলিৰাম ৰংহাঙৰ নামত কমেও ৫০০ কোটি টকাৰ অস্থাবৰ সম্পত্তি আৰু ৬,০০০ কোটি টকা মূল্যৰ স্থাৱৰ সম্পত্তি আছে।
দেওবাৰে এক বিবৃতিযোগে আইপিপিৰ সভাপতি ৰাজেন তিমুঙে তুলিৰাম ৰংহাঙৰ এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ উৎস সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ লগতে পৰিষদৰ নেতৃত্বই কাৰ্বি আংলঙৰ জনসাধাৰণৰ বাবে আবণ্টিত উন্নয়নমূলক পুঁজি আত্মসাৎ কৰাৰ অভিযোগ তোলে। তিমুঙে কয় যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ সাধাৰণ জনজাতীয় লোকসকল আজি ভিক্ষাৰীৰ দৰে জীৱন কটাবলৈ বাধ্য হৈছে। বাট-পথ, খোৱাপানী, শিক্ষা তথা জনজাতীয় যুৱক-যুৱতীসকলক ঠিকা আৰু চাকৰি প্ৰদানৰ নামত ব্যৱহাৰ হ’বলগীয়া পৰিষদৰ পুঁজি সাধাৰণ ৰাইজে লাভ কৰা নাই। ইয়াৰ বিপৰীতে আজি কাৰ্বি মাতৃ আৰু ভগ্নীসকলে ৫০০ৰ পৰা ১,০০০ টকা লাভ কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বাসগৃহ আৰু কাৰ্যসূচীসমূহত শাৰী পাতি থাকিবলগীয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। সাংসদ টিছ’ৰ মন্তব্যৰ উদ্ধৃতি দি তিমুঙে লগতে কয় যে ৰংহাঙৰ হাতত ৫০০ কোটি টকাতকৈও অধিক নগদ ধন আছে, যাৰ জৰিয়তে তেওঁ দৈনিক ১৫০০ৰ পৰা ২০০০ মহিলাক নগদ ধন বিলাব পাৰে। এই বিপুল ধনৰ উৎস কি বুলি কাৰ্বি আংলঙৰ ৰাইজে প্ৰশ্ন কৰিছে আৰু জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চিবিআই তথা ইডিৰ দ্বাৰা এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিৰোধী দল আৰু স্থানীয় সংগঠনসমূহে কেইবাবাৰো বিত্তীয় অনিয়ম তথা চৰকাৰী পুঁজি আত্মসাতৰ অভিযোগ উত্থাপন কৰি আহিছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰংহাঙৰ বিৰুদ্ধে স্বজন-তোষণ আৰু দুৰ্নীতিৰ অভিযোগ তুলি কৈছিল যে মুখ্যমন্ত্ৰীৰ পথ উন্নয়ন পেকেজৰ অধীনত আবণ্টিত ১০০ কোটি টকাৰ বিশেষ অনুদান ৰংহাঙৰ পত্নীৰ মালিকানাধীন ‘কাচে কনষ্ট্ৰাকশ্যন’ক ৬০ কোটি আৰু কনিষ্ঠ ভাতৃ ৰবিৰাম ৰংহাঙৰ প্ৰতিষ্ঠান ‘ইংলং এণ্টাৰপ্ৰাইজ’ক ৪০ কোটি টকাকৈ ভাগ কৰি দিয়া হৈছিল। ইয়াৰ উপৰি ডিফু অসামৰিক চিকিৎসালয় পথৰ পৰা লৰুলাংছ’ সংযোগী পথকে ধৰি কেইবাটাও প্ৰকল্পত একাধিক অনুদানৰ জৰিয়তে পুঁজি অপব্যৱহাৰ কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰিছিল। আনহাতে, ২০২৩ চনত কংগ্ৰেছ নেতা মনজিৎ মহন্তই ৰংহাঙৰ পুত্ৰৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানে মাত্ৰ সাত দিনত ১৭ কিলোমিটাৰ পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ দেখুৱাই ৩০ কোটি টকা মোকলাই নিয়াৰ অভিযোগ তুলিছিল।
ইফালে, কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন ফৰ প্ৰটেকশ্যন অৱ অট’নমীয়ে ২০১৪-১৫ বর্ষত জলসিঞ্চন আঁচনিৰ নামত ৪.৫০ কোটি টকা আৰু ইয়াৰ পূৰ্বে ড’নাৰ মন্ত্ৰালয় তথা এনএলচিপিআৰৰ অধীনত আবণ্টিত ৫৪৬.৯৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিআইডিৰ ওচৰত গোচৰ ৰুজু কৰিছিল। একেদৰে ২০১৬ চনত নিখিল গাৰিক সুৰক্ষা মঞ্চয়ো জলসিঞ্চন প্ৰকল্পসমূহৰ কাম অসম্পূৰ্ণ হৈ থকাৰ পাছতো ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰাৰ অভিযোগ তুলি চিবিআই তদন্তৰ দাবী জনাইছিল।
অৱশ্যে, তুলিৰাম ৰংহাঙে পূৰ্বৰে পৰা এই সকলোবোৰ বিত্তীয় অনিয়মৰ অভিযোগ অস্বীকাৰ কৰি আহিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়েও বিৰোধীৰ এই অভিযোগসমূহক সম্পূর্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে। পূব কাৰ্বি আংলং জিলা বিজেপিয়ে স্পষ্ট কৰি দিছে যে উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ আৰু অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ পৰিদৰ্শনত সংশ্লিষ্ট পথসমূহ সঠিকভাৱে নিৰ্মাণ হোৱাটো ইতিমধ্যে প্ৰমাণিত হৈছে।





