• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

বহু অঞ্চলত বিদ্যুৎ আৰু তেলৰ নাটনি, মুকলি আকাশত ঠাণ্ডাত কঁপিছে দুৰ্গত লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 11:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পত এতিয়ালৈকে প্ৰায় ৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। তিনিদিন ধৰি ধাৰাবাহিকভাৱে দুৰ্গত লোকক উদ্ধাৰৰ চেষ্টা চলাই আহিছে উদ্ধাৰকাৰী দলে। বেয়া বতৰ আৰু তীব্ৰ ঠাণ্ডাত উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰিছে।

অৱশ্যে ইয়াৰ মাজতো উদ্ধাৰ কৰ্মীসকলে ধ্বংসাৱশেষত আৱদ্ধ লোকসকলক উলিয়াই উদ্ধাৰ কৰাৰ বাবে নিৰন্তৰভাৱে ব্যস্ত হৈ আছে। 

উল্লেখ্য, বৃহৎ পৰিসৰত বিধ্বংসী ৰূপ ধাৰণ কৰা ১৯৯৯ চনৰ পিছত এইটো দ্বিতীয়টো এনে ভূমিকম্প। ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু এপাৰ্টমেণ্টৰ হাজাৰ হাজাৰ অট্টালিকা তাচপাচৰ দৰেই ঘহি পৰিছে। খহি পৰা আট্টালিকা তথা আৱাসগৃহৰ ধ্বংসস্তূপত আৱদ্ধ হৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

Apply Now

দুয়োখন দেশতৰ এই পৰ্যন্ত প্ৰায় ৮,০০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভূমিকম্পত মৃতকৰ সংখ্যা মাত্ৰ এটা দিনতে দুগুণলৈ বৃদ্ধি পাইছে। সংস্থাটোৰ মতে মৃত্যুৰ সংখ্যা আঠগুণলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ইফালে মৃতকৰ ভিতৰত হাজাৰ হাজাৰ শিশুও থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। সোমবাৰে তুৰস্কত এটাৰ পিছত এটাকৈ ৩ টা ভূমিকম্পৰ কঁপাই গৈছিল। যি তিনিটা ভূমিকম্পৰ তীব্ৰতা আছিল ক্ৰমে ৭.৮, ৭.৫ আৰু ৭.৮ প্ৰাবল্যৰ।

বৰ্তমান তুৰস্কত অতিপাত ঠাণ্ডা আৰু এনে পৰিস্থিতিত উদ্ধাৰ অভিযান কঠিন হৈ পৰাত গৃহহীন লোকৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই ভূমিকম্পত মানুহৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। এনে পৰিস্থিতিত মুকলি আকাশৰ তলত ঠাণ্ডাত সময় কটাবলৈ দুৰ্গত লোকৰ বাবে অতি কঠিন হৈ পৰিছে।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, বহু অঞ্চলত বিদ্যুৎ আৰু তেলৰ নাটনিও হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলত দিনে নিশাই উদ্ধাৰ অভিযানত লিপ্ত হৈছে উদ্ধাৰকাৰী। বহুতে ধ্বংসাৱশেষৰ স্তুপৰ ওপৰেৰে নিজৰ জীৱন ৰক্ষা কৰিবলৈ দৌৰা লগতে আন একাংশই বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক  বিচাৰি উলিয়াবলৈও চেষ্টা কৰা দেখা গৈছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি টাইপ এৰদোগানে যোৱা সোমবাৰেই সদৰী কৰিছিল যে বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযান অধিক কঠিন হৈ পৰিছে।

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছে তুৰস্কৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।ছিৰিয়াকলৈও উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ প্ৰধানজনে কয় যে ইতিমধ্যে গৃহযুদ্ধৰ বাবে বছৰ বছৰ ধৰি মানৱীয় সংকটৰ মাজেৰে পাৰ হোৱা দেশখনে প্ৰাকৃতিক প্ৰলয়ৰ মোকাবিলা কৰিবলগীয়া হৈছে।

শেহতীয়া পৰিসংখ্যা অনুসৰি তুৰস্কত ৫,৪৩৪ জন আৰু ছিৰিয়াত কমেও ১,৮৭২ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মুঠ ৭,৩০৬ জন লোকৰ মৃত্যু হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে অনুমান কৰিছে যে ২০ হাজাৰ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এই বৃহৎ ভূমিকম্পৰ ফলত ২.৩ কোটি লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি সকীয়াই দি দুয়োখন বিধ্বস্ত দেশকে বিভিন্ন দেশসমূহক সহায় কৰিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ চৰকাৰে ছিৰিয়াৰ বিৰুদ্ধে বলৱৎ হৈ থকা পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞা উঠাই লৈ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে গৃহ যুদ্ধৰ ফলত বিধ্বস্ত দেশখনৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহৰ বিভিন্ন নিষেধাজ্ঞা বলৱৎ আছে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰচেষ্টা জটিল হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd