• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্প : মৃতকৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি! উদ্ধাৰ অভিযানত বতৰৰ বিঘিনি

বহু অঞ্চলত বিদ্যুৎ আৰু তেলৰ নাটনি, মুকলি আকাশত ঠাণ্ডাত কঁপিছে দুৰ্গত লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 11:08 am
241
VIEWS
Share on FacebookShare on Twitter

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভয়াৱহ ভূমিকম্পত এতিয়ালৈকে প্ৰায় ৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। তিনিদিন ধৰি ধাৰাবাহিকভাৱে দুৰ্গত লোকক উদ্ধাৰৰ চেষ্টা চলাই আহিছে উদ্ধাৰকাৰী দলে। বেয়া বতৰ আৰু তীব্ৰ ঠাণ্ডাত উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈ পৰিছে।

অৱশ্যে ইয়াৰ মাজতো উদ্ধাৰ কৰ্মীসকলে ধ্বংসাৱশেষত আৱদ্ধ লোকসকলক উলিয়াই উদ্ধাৰ কৰাৰ বাবে নিৰন্তৰভাৱে ব্যস্ত হৈ আছে। 

উল্লেখ্য, বৃহৎ পৰিসৰত বিধ্বংসী ৰূপ ধাৰণ কৰা ১৯৯৯ চনৰ পিছত এইটো দ্বিতীয়টো এনে ভূমিকম্প। ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত বিদ্যালয়, চিকিৎসালয় আৰু এপাৰ্টমেণ্টৰ হাজাৰ হাজাৰ অট্টালিকা তাচপাচৰ দৰেই ঘহি পৰিছে। খহি পৰা আট্টালিকা তথা আৱাসগৃহৰ ধ্বংসস্তূপত আৱদ্ধ হৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

দুয়োখন দেশতৰ এই পৰ্যন্ত প্ৰায় ৮,০০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভূমিকম্পত মৃতকৰ সংখ্যা মাত্ৰ এটা দিনতে দুগুণলৈ বৃদ্ধি পাইছে। সংস্থাটোৰ মতে মৃত্যুৰ সংখ্যা আঠগুণলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ইফালে মৃতকৰ ভিতৰত হাজাৰ হাজাৰ শিশুও থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। সোমবাৰে তুৰস্কত এটাৰ পিছত এটাকৈ ৩ টা ভূমিকম্পৰ কঁপাই গৈছিল। যি তিনিটা ভূমিকম্পৰ তীব্ৰতা আছিল ক্ৰমে ৭.৮, ৭.৫ আৰু ৭.৮ প্ৰাবল্যৰ।

বৰ্তমান তুৰস্কত অতিপাত ঠাণ্ডা আৰু এনে পৰিস্থিতিত উদ্ধাৰ অভিযান কঠিন হৈ পৰাত গৃহহীন লোকৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই ভূমিকম্পত মানুহৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। এনে পৰিস্থিতিত মুকলি আকাশৰ তলত ঠাণ্ডাত সময় কটাবলৈ দুৰ্গত লোকৰ বাবে অতি কঠিন হৈ পৰিছে।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, বহু অঞ্চলত বিদ্যুৎ আৰু তেলৰ নাটনিও হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলত দিনে নিশাই উদ্ধাৰ অভিযানত লিপ্ত হৈছে উদ্ধাৰকাৰী। বহুতে ধ্বংসাৱশেষৰ স্তুপৰ ওপৰেৰে নিজৰ জীৱন ৰক্ষা কৰিবলৈ দৌৰা লগতে আন একাংশই বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক  বিচাৰি উলিয়াবলৈও চেষ্টা কৰা দেখা গৈছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি টাইপ এৰদোগানে যোৱা সোমবাৰেই সদৰী কৰিছিল যে বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযান অধিক কঠিন হৈ পৰিছে।

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছে তুৰস্কৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।ছিৰিয়াকলৈও উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ প্ৰধানজনে কয় যে ইতিমধ্যে গৃহযুদ্ধৰ বাবে বছৰ বছৰ ধৰি মানৱীয় সংকটৰ মাজেৰে পাৰ হোৱা দেশখনে প্ৰাকৃতিক প্ৰলয়ৰ মোকাবিলা কৰিবলগীয়া হৈছে।

শেহতীয়া পৰিসংখ্যা অনুসৰি তুৰস্কত ৫,৪৩৪ জন আৰু ছিৰিয়াত কমেও ১,৮৭২ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত মুঠ ৭,৩০৬ জন লোকৰ মৃত্যু হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে অনুমান কৰিছে যে ২০ হাজাৰ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এই বৃহৎ ভূমিকম্পৰ ফলত ২.৩ কোটি লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি সকীয়াই দি দুয়োখন বিধ্বস্ত দেশকে বিভিন্ন দেশসমূহক সহায় কৰিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ চৰকাৰে ছিৰিয়াৰ বিৰুদ্ধে বলৱৎ হৈ থকা পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞা উঠাই লৈ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে গৃহ যুদ্ধৰ ফলত বিধ্বস্ত দেশখনৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহৰ বিভিন্ন নিষেধাজ্ঞা বলৱৎ আছে যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰচেষ্টা জটিল হৈ পৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd