চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

TV Actor Kills Man

উত্তৰ প্ৰদেশৰ বিজনোৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্বিচাৰ গুলীচালনাৰে এজনক হত্যা কৰাৰ লগতে তিনিগৰাকীক গুৰুতৰভভাৱে আহত কৰি তোলাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন জনপ্ৰিয় টেলিভিছন অভিনেতা।

সীমাত থকা কিছু ইউকেলিপ্টাছ গছ কটাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই হত্যাকাণ্ডৰ। অভিযোগ অনুসৰি, ‘য়েহ প্যাৰ না হোগা কাম’ আৰু ‘মধুবালা’ আদি জনপ্ৰিয় টিভি শ্ব’ত অভিনয় কৰা ভূপিন্দৰ সিঙে বিজনুৰত থকা নিজৰ ফাৰ্মৰ সীমাত বেৰ দি আছিল।

তেওঁৰ খেতিপথাৰৰ কাষতে আজিল গুৰদ্বীপ সিং নামৰ এজন ব্যক্তিৰ কৃষিভূমি। ভূপিন্দৰে নিজৰ মাটিৰ সীমাত বেৰ দিয়াৰ উদ্দেশ্যে দুয়োৰে মাটিৰ সীমাত থকা গুৰদ্বীপ সিঙৰ কিছু ইউকেলিপ্টাছ গছ কটাৰ পৰিকল্পনা কৰিছিল।

এই কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। বিবাদ ক্ৰমাত তীব্ৰতৰ হৈ উঠাৰ মাজতে ভূপিন্দৰ আৰু তেওঁৰ তিনিজন সহযোগীয়ে হাতত বন্দুক লৈ নিৰ্বিচাৰ গুলীচালনাৰে গুৰদ্বীপ সিঙৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে।

ভূপিন্দৰে নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে গুলীচালনা কৰাৰ বিপৰীতে তিনি সহযোগীয়ে অনুজ্ঞাপত্ৰ বিহীন বন্দুকেৰে গুলীচালনা কৰাৰ অভিযোগ চালনাৰ হৈছে। এই গুলীচালনাত গুৰদীপ সিঙৰ ২২ বছৰীয়া পুত্ৰ গোবিন্দৰ মৃত্যু হয়।

লগতে গুলীচালনাত আহত হয় গুৰদ্বীপ আৰু তেওঁৰ পুত্ৰ অমৃক আৰু পত্নী বীৰো বাই। গুৰুতৰভাৱে আহত তিনিওগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি বাতৰি প্ৰকাশ পাইছে। তিনিওৰে অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে ভূপিন্দৰক গ্ৰেপ্তাৰ কৰে। হত্যাসহ প্ৰাসঙ্গিক আন ধাৰাৰ লগতে ভূপিন্দৰৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনতো গোচৰ কৰা হৈছে। তেওঁৰ তিনি সহযোগী- জ্ঞান সিং, জীৱন সিং আৰু গুৰজন্ত সিঙকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।