হোজাইৰ লংকাত নিজ বাসগৃতে চিপ লাগি থকা অৱস্থাত সাংবাদিকৰ মৃতদেহ উদ্ধাৰ

TV journo from Hojai

হোজাই জিলাৰ লংকা নগৰত আজি নিজ বাসভৱনত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱ সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিহত সাংবাদিক গৰাকীক ডি ৱাই ৩৬৫ নামৰ টি ভি চেনেলৰ লংকাৰ সাংবাদিক অৰুৰিন্দম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে সাংবাদিক গৰাকীৰ মৃতদেহ আঁঠুকাঢ়ি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে তেওঁৰ ডিঙিটো এডাল ৰছীৰে ঘৰৰ খিৰিকীত বান্ধি থোৱা আছিল।

ঘটনাৰ খবৰ লাভ কৰি লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি নগাঁৱৰ অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে। আৰক্ষীৰ অনুসন্ধানৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

উল্লেখযোগ্য উক্ত ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সমগ্ৰ হোজাই জিলাতে শোকৰ ছাঁ পেলাইছে।