NORTHEAST NOW (Assamese)

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

June 13, 2025 5:43 pm · এন ই নাও নিউজ, গুৱাহাটী

আহমেদাবাদত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। উক্ত দুৰ্ঘটনাত বিমানখনত থকা এজন ব্যক্তিৰ বাহিৰে সকলো যাত্ৰী, ক্ৰু সদস্য আৰু স্থানীয় লোকসকল মিলাই ৩০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত বলীউডৰ অভিনেতা বিক্ৰান্ত মেছাৰে এজন পৰিয়ালৰ সদস্যক ব্যক্তিক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰে।

বিক্ৰান্তে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত কয়, “আহমেদাবাদৰ এই কৰুণ বিমান দুৰ্ঘটনাত জীৱন হেৰুৱা সকলো পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সমবেদনা। মোৰ বাবে ই বিশেষকৈ দুখজনক, কাৰণ মোৰ ককা ক্লিফৰ্ড কুণ্ডাৰৰ পুত্ৰ ক্লাইভ কুণ্ডাৰ, যি এই বিমানখনৰ সহ-পাইলট আছিল। তেওঁ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

বিক্ৰান্তৰ এই বক্তব্যে ইণ্টাৰনেটত তীব্ৰ প্ৰতিবাদ আৰু বিতৰ্কৰ সৃষ্টি কৰে। বহুতে ভৱিছে যে মৃত সহ-পাইলটজন বিক্ৰান্তৰ ভাতৃ হ’ব পাৰে। এই সন্দেহ দূৰ কৰিবলৈ শুকুৰবাৰে পুৱা তেওঁ স্পষ্টীকৰণ দিয়ে।

নতুন পোষ্টত বিক্ৰান্ত মেছাৰে উল্লেখ কৰে, “ক্লাইভ কুণ্ডাৰ মোৰ পৰিয়ালৰ সদস্য নহয়, কিন্তু পৰিয়ালসদৰেই তেওঁ বন্ধু আছিল। অনুগ্ৰহ কৰি তেজৰ সম্পৰ্ক লৈ অনাবশ্যক জল্পনা-কল্পনা নকৰিব। দয়া কৰি এই দুখৰ সময়ত আমাৰ পৰিয়ালক শান্তিৰে শোক প্ৰকাশ কৰিবলৈ দিয়ক।”

Related News