NORTHEAST NOW (Assamese)

ক’ভিড-১৯ : পিএম কেয়াৰছ ফাণ্ড নহয়, স্বেচ্ছাসেৱী সংগঠনলৈ ১১০ কোটি অনুদান আগবঢ়ালে টুইটাৰে

May 11, 2021 12:49 pm · এন ই নাও নিউজ
(প্ৰতিনিধিমূলক ফটো)

কোভিড সংকটৰ পৰা ভাৰতবাসীক সকাহ দিবৰ বাবে মাইক্ৰোব্লগিং সাইট টুইটাৰে ১৫ মিলিয়ন ডলাৰ অনুদান আগবঢ়াইছে।

ভাৰতীয় টকাৰ হিচাপত অনুদানখিনিৰ মূল্য প্ৰায় ১১০ কোটি টকা।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ হাতত অথবা পিএম কেয়াৰ ফাণ্ড নহয়, স্বেচ্ছাসেৱী সংগঠন ‘কেয়াৰ’, ‘এইড এণ্ডিয়া’ আৰু ‘সেৱা ইণ্টাৰনেচনেল ইউএছএ’-ক এই অনুদান ভগাই দিয়া হৈছে।

সোমবাৰে টুইটাৰৰ চিইঅ’ জেক পেট্ৰিক ডৰ্চে নিজেই এই অনুদানৰ কথা ঘোষণা কৰে।

টুইটাৰে কয় যে এই অনুদানৰ দ্বাৰা ক’ভিড-১৯ ৰোগীসকলৰ বাবে অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনা যোগান,  পিপিই কিট যোগান আৰু লকডাউন তথা কাৰ্ফিউৰ সময়ছোৱাত ভাৰতবাসীক সকাহ দিবৰ বাবে আগবঢ়োৱা হৈছে।

Related News