• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজৰ আহ্বান পাহৰি প্লাষ্টিক বেগত জাবৰ বোটলা বুলি মোদীক টুইটাৰত তীব্ৰ কটাক্ষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 13, 2019 5:49 pm

2 min read

Modi Plastic
66.1k
VIEWS
Share on FacebookShare on Twitter

দেশক ছিংগল-য়ুজ প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ আহ্বান আৰু অংগীকাৰক নিজেই অৱমাননা কৰা বুলি একাংশ টুইটাৰ য়ুজাৰে তীব্ৰ কটাক্ষ কৰিছে প্ৰধান মন্ত্ৰী মোদীক।

স্বচ্ছ ভাৰত মোদীৰ এটা সৰ্বদা প্ৰিয় শ্ব’গান আৰু সেইটো প্ৰমাণ কৰিবৰ বাবে প্ৰধান মন্ত্ৰীজনে সুযোগৰ সদ্ব্যৱহাৰ কৰি আহিছে।

১২ অক্টোবৰত মোদীয়ে তামিল নাডুৰ মমল্লাপুৰম সাগৰ তীৰত প্ৰাতঃভ্ৰমণ কৰোঁতে তাত পৰি থকা আৱৰ্জনা বুটলি দেশবাসীৰ বাবে এটা উদাহৰণ দাঙি ধৰিব বিচাৰে আৰু পুৱাতেই তেওঁ কৰা সেই কামৰ এটা ভিডিঅ’ টুইটাৰত আপল’ড কৰে।

তিনি মিনিটৰ ভিডিঅ’টোত প্ৰধান মন্ত্ৰী মোদীক সাগৰ পাৰত পৰি থকা প্লাষ্টিকৰ বটলকে আদি কৰি বিভিন্ন আৱৰ্জনা বুটলি এটা প্লাষ্টিকৰ বেগত ভৰোৱা দেখা যায় আৰু শেষত সেইটো তাত উপস্থিত থকা হোটেলৰ কৰ্মচাৰী এজনৰ হাতত তুলি দিয়ে।

উক্ত ভিডিঅ’টো এ এন আই নামৰ বাতৰি প্ৰতিষ্ঠানটোৱে নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰাৰ পিছত বিভিন্নজনে মোদীৰ হাতত থকা বেগটোক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে।

“তেওঁ জাবৰ বুটলিবলৈ ব্যৱহাৰ কৰা সেইটো ছিংগল য়ুজ প্লাষ্টিকৰ বেগ হয় নে? (Is that a single use plastic bag he’s using to collect garbage?) ”, এ এন আয়ে দিয়া ভিডিঅ’টোৰ উত্তৰ দি মেঘনাদ নামৰ এটা একাউণ্টৰ গৰাকীয়ে কয়।

আন এজনৰ উত্তৰ, “Wah kya acting hai wah Wo bhi plastic ke saath”.

“Collecting small bits of plastic in a bigger plastic bag. Also notice all the decor lights on the beach are covered with plastic sheets.” আন এজন টুইটাৰ য়ুজাৰৰ মন্তব্য।

আদৰ্শ দেৱৰাজ নামৰ এজন য়ুজাৰৰ মন্তব্য, “জাবৰ সংগ্ৰহ কৰিবলৈ ছিংগল য়ুজ প্লাষ্টিকৰ ব্যৱহাৰ!! মোদীজীয়ে ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে? যেতিয়া হেডলাইনৰ বাবে কিবা কৰা হয়, তেতিয়াই এনেকুৱা হয়।”

প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত ছিংগল য়ুজ প্লাষ্টিকৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰিছিল আৰু দেশক ছিংগল য়ুজ প্লাষ্টিকমুক্ত কৰিবলৈ দেশবাসীক উদাত্তকণ্ঠে আহ্বান জনাইছিল।

২ অক্টোবৰৰ পৰা মোদী চৰকাৰে ছিংগল য়ুজ প্লাষ্টিকৰ ৬টা প্ৰডাক্ট নিষিদ্ধ কৰাৰ কথা আছিল যদিও সেয়া কৰিব নোৱাৰি বুলি ১ অক্টোবৰত জানিবলৈ দিয়ে।

নিষিদ্ধ কৰাৰ পৰিৱৰ্তে প্ৰধান মন্ত্ৰীজনে দেশবাসীক এই ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাই আহিছে আৰু চৰকাৰীভাৱে ইয়াক বৰ্জনৰ সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা হৈছে।

এই পটভূমিত ১২ অক্টোবৰৰ ভিডিঅ’টোত প্ৰধান মন্ত্ৰী মোদীৰ এই স্ববিৰোধ কাৰ্য্যই টুইটাৰ য়ুজাৰসকলৰ অসন্তুষ্টি জগাই তোলে আৰু তেওঁক তীব্ৰ কটাক্ষ আৰু সমালোচনাৰে থকাসৰকা কৰে।

অৱশ্যে মোদীয়ে টুইটাৰতে আৱৰ্জনাৰ বেগটোৰ বাদে আনখন হাতত লৈ থকা বস্তুটো সম্পৰ্কেহে স্পষ্টীকৰণ দিয়ে। ভিডিঅ’টোত এটা টৰ্চৰ দৰে দেখা সেই বস্তুটো এটা আকুপ্ৰেচাৰ ৰোলাৰ, যিটো তেওঁ প্ৰায়ে ব্যৱহাৰ কৰে, স্পষ্টীকৰণটোত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্য।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd