• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ আহ্বান পাহৰি প্লাষ্টিক বেগত জাবৰ বোটলা বুলি মোদীক টুইটাৰত তীব্ৰ কটাক্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2019 5:45 pm
Modi Plastic
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশক ছিংগল-য়ুজ প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ আহ্বান আৰু অংগীকাৰক নিজেই অৱমাননা কৰা বুলি একাংশ টুইটাৰ য়ুজাৰে তীব্ৰ কটাক্ষ কৰিছে প্ৰধান মন্ত্ৰী মোদীক।

স্বচ্ছ ভাৰত মোদীৰ এটা সৰ্বদা প্ৰিয় শ্ব’গান আৰু সেইটো প্ৰমাণ কৰিবৰ বাবে প্ৰধান মন্ত্ৰীজনে সুযোগৰ সদ্ব্যৱহাৰ কৰি আহিছে।

Apply Now

১২ অক্টোবৰত মোদীয়ে তামিল নাডুৰ মমল্লাপুৰম সাগৰ তীৰত প্ৰাতঃভ্ৰমণ কৰোঁতে তাত পৰি থকা আৱৰ্জনা বুটলি দেশবাসীৰ বাবে এটা উদাহৰণ দাঙি ধৰিব বিচাৰে আৰু পুৱাতেই তেওঁ কৰা সেই কামৰ এটা ভিডিঅ’ টুইটাৰত আপল’ড কৰে।

তিনি মিনিটৰ ভিডিঅ’টোত প্ৰধান মন্ত্ৰী মোদীক সাগৰ পাৰত পৰি থকা প্লাষ্টিকৰ বটলকে আদি কৰি বিভিন্ন আৱৰ্জনা বুটলি এটা প্লাষ্টিকৰ বেগত ভৰোৱা দেখা যায় আৰু শেষত সেইটো তাত উপস্থিত থকা হোটেলৰ কৰ্মচাৰী এজনৰ হাতত তুলি দিয়ে।

উক্ত ভিডিঅ’টো এ এন আই নামৰ বাতৰি প্ৰতিষ্ঠানটোৱে নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰাৰ পিছত বিভিন্নজনে মোদীৰ হাতত থকা বেগটোক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে।

“তেওঁ জাবৰ বুটলিবলৈ ব্যৱহাৰ কৰা সেইটো ছিংগল য়ুজ প্লাষ্টিকৰ বেগ হয় নে? (Is that a single use plastic bag he’s using to collect garbage?) ”, এ এন আয়ে দিয়া ভিডিঅ’টোৰ উত্তৰ দি মেঘনাদ নামৰ এটা একাউণ্টৰ গৰাকীয়ে কয়।

আন এজনৰ উত্তৰ, “Wah kya acting hai wah Wo bhi plastic ke saath”.

“Collecting small bits of plastic in a bigger plastic bag. Also notice all the decor lights on the beach are covered with plastic sheets.” আন এজন টুইটাৰ য়ুজাৰৰ মন্তব্য।

আদৰ্শ দেৱৰাজ নামৰ এজন য়ুজাৰৰ মন্তব্য, “জাবৰ সংগ্ৰহ কৰিবলৈ ছিংগল য়ুজ প্লাষ্টিকৰ ব্যৱহাৰ!! মোদীজীয়ে ইয়াৰ দ্বাৰা কি বাৰ্তা দিব বিচাৰিছে? যেতিয়া হেডলাইনৰ বাবে কিবা কৰা হয়, তেতিয়াই এনেকুৱা হয়।”

প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত ছিংগল য়ুজ প্লাষ্টিকৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰিছিল আৰু দেশক ছিংগল য়ুজ প্লাষ্টিকমুক্ত কৰিবলৈ দেশবাসীক উদাত্তকণ্ঠে আহ্বান জনাইছিল।

২ অক্টোবৰৰ পৰা মোদী চৰকাৰে ছিংগল য়ুজ প্লাষ্টিকৰ ৬টা প্ৰডাক্ট নিষিদ্ধ কৰাৰ কথা আছিল যদিও সেয়া কৰিব নোৱাৰি বুলি ১ অক্টোবৰত জানিবলৈ দিয়ে।

নিষিদ্ধ কৰাৰ পৰিৱৰ্তে প্ৰধান মন্ত্ৰীজনে দেশবাসীক এই ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাই আহিছে আৰু চৰকাৰীভাৱে ইয়াক বৰ্জনৰ সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা হৈছে।

এই পটভূমিত ১২ অক্টোবৰৰ ভিডিঅ’টোত প্ৰধান মন্ত্ৰী মোদীৰ এই স্ববিৰোধ কাৰ্য্যই টুইটাৰ য়ুজাৰসকলৰ অসন্তুষ্টি জগাই তোলে আৰু তেওঁক তীব্ৰ কটাক্ষ আৰু সমালোচনাৰে থকাসৰকা কৰে।

অৱশ্যে মোদীয়ে টুইটাৰতে আৱৰ্জনাৰ বেগটোৰ বাদে আনখন হাতত লৈ থকা বস্তুটো সম্পৰ্কেহে স্পষ্টীকৰণ দিয়ে। ভিডিঅ’টোত এটা টৰ্চৰ দৰে দেখা সেই বস্তুটো এটা আকুপ্ৰেচাৰ ৰোলাৰ, যিটো তেওঁ প্ৰায়ে ব্যৱহাৰ কৰে, স্পষ্টীকৰণটোত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd