টুইটাৰে ডিলিট কৰিব বিজেপিৰ ভিডিঅ’ : বিজেপিয়ে পোষ্ট কৰা ‘সাম্প্ৰদায়িক উচটনি’ৰ ভিডিঅ’ ডিলিট কৰিবলৈ আয়োগৰ নিৰ্দেশ এক্সক

কৰ্ণাটক বিজেপিয়ে টুইটাৰত (এক্স)ত পোষ্ট কৰা ‘সাম্প্ৰদায়িক উচটনি’ৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে টুইটাৰক।

উল্লেখ্য যে কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশৰ পিছতো ভিডিঅ’ ডিলিট নকৰাৰ অভিযোগ উত্থাপন হৈছে গেৰুৱা শিবিৰৰ বিৰুদ্ধে।

বিজেপিৰ এই ভিডিঅ’ সম্পৰ্কত কংগ্ৰেছে নিৰ্বাচন আয়োগ আৰু আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। সেই অভিযোগৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এক বিবৃতিত কয় যে, ‘ভিডিঅ’ৰ সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছে। কিন্তু তথাপিও বিতৰ্কিত ভিডিঅ’টো আঁতৰোৱা হোৱা নাই’। গতিকে আয়োগে এক্সক এই ভিডিঅ’টো প্লেটফৰ্মৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে এটা ভিডিঅ’ক লৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰিছিল। ভিডিঅ’টোত ৰাহুল গান্ধী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ এনিমেটেড কাৰ্টুন প্ৰদৰ্শিত হৈছে। তাত অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অবিচি সম্প্ৰদায়ৰ লোকক ‘কণী’ হিচাপে দেখুওৱা হৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এছ চি, এছ টি আৰু অ’বিচিৰ ‘কণী’ৰ কাষত এটা ডাঙৰ কণী ৰাখিছে। যিটো কণীক মুছলমান সম্প্ৰদায় বুলি চিনাক্ত কৰা হৈছে।

কংগ্ৰেছৰ অভিযোগ, ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে কৈছে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে এছ চি/এছটি শ্ৰেণীৰ বাবে আবণ্টিত ধন মুছলমানক গতাই দিয়া হ’ব। এইদৰে SC/ST সম্প্ৰদায়ৰ ভোটাৰক কোনো বিশেষ দলক ভোট নিদিবলৈ মিছা অপপ্ৰচাৰ কৰা হৈছে। বিজেপিয়ে আচলতে সাম্প্ৰদায়িক দাঙ্গা ৰোধ কৰিব বিচাৰে। সম্প্ৰদায়সমূহৰ মাজত শত্ৰুতাক প্ৰসাৰ কৰা।