বিশ্বনাথ চাৰিআলিৰ দুটা এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা

Two areas declared containment zone in Biswanath Chariali

প্ৰতীকী ছবি।

বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথ চাৰিআলিৰ দুটা এলেকা মঙলবাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে।

হৰিপ্ৰসাদ ঠাকুৰ আৰু দেবেন্দ্ৰ কুমাৰ নামৰ দুজন ব্যক্তি নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

হৰিপ্ৰসাদ ঠাকুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দেবেন্দ্ৰ কুমাৰৰ চেলুন সমন্বিতে এলেকা দুটা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

ইতিমধ্যে দুয়োটা অঞ্চলেই জিলা প্ৰশাসনে ছীল কৰিছে।

গুৱাহাটীত কৰ্মৰত ক’ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল এই দুজন লোক।

ক’ভিড-১৯ত আক্ৰান্ত বিজয় শংকৰ দাসে চুলি কটা চেলুনখনৰ গৰাকী তথা ক’ভিড-১৯ আক্ৰান্ত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল এওঁলোক।

একেদৰে বিজয় শংকৰ দাসৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা টেক নাথ ধুংগানা নামৰ আন এজন ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে বিশ্বনাথৰ কদমণি বস্তিৰ এলেকাটোকো ইতিমধ্যে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰা হৈছে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়মসমূহ বাহাল থাকিব৷

এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।