NORTHEAST NOW (Assamese)

এল অ’ চিত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা; পুনৰ শ্বহীদ দুগৰাকী ভাৰতীয় সেনা জোৱান

November 27, 2020 6:00 pm · এন ই নাও নিউজ
নাইক প্ৰেম বাহাদুৰ খাটৰি আৰু ৰাইফলমেন সুখবীৰ সিং

ভাৰত-পাকিস্তান সীমান্তত পুনৰ পাকিস্তানী যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলীচালনাত আজি দুজন ভাৰতীয় সেনা জোৱান শ্বহীদ হয়।

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ লাইন অফ কন্ট্ৰোলত পাকিস্তানী সেনাই কৰা গুলীচালনাৰ ফলত ভাৰতীয় সেনা জোৱান দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু দুয়োকো আৰ্মি হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকো মৃত ঘোষণা কৰে।

সীমান্তত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ জোৱান দুগৰাকী হৈছে ক্ৰমে নাইক প্ৰেম বাহাদুৰ খাটৰি আৰু ৰাইফলমেন সুখবীৰ সিং।

উল্লেখযোগ্য যে, ১৩ নৱেম্বৰটো পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনাত চাৰিগৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীচালনাত অসমৰ বীৰ জোৱান হৰধন চন্দ্ৰ ৰয় শ্বহীদ হৈছিল।

হৰধন ৰয়ৰ ঘৰ ধুবুৰী জিলাৰ চাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধিপাৰাত।

Related News